Dilapidated Bamboo bridge : জৰাজীৰ্ণ বাঁহৰ দলঙে কন্দুৱাইছে ওৰাঙৰ বৰছলাবাসীক - মৃত্যুদূতলৈ ৰূপান্তৰিত হৈছে এখন বাহৰ সাঁকো
🎬 Watch Now: Feature Video
ৰৌতা, ১৪ মে ’ : মৃত্যুদূতলৈ ৰূপান্তৰিত হৈছে এখন বাহৰ সাঁকো (Dilapidated Bamboo bridge) ৷ বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ কৰাৰ পিচতো দলং লাভ নকৰাত এক বিপদ সংকুলভাৱে যাত্ৰা কৰিব লগাত পৰিছে অঞ্চলটোৰ ৰাইজে ৷ এই অভিযোগ গঞা ৰাইজৰ ৷
আনকি নিতৌ বাঁহৰ সাকোৰে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ অহা যোৱা কৰি গৈছে গঞাই ৷ মৃত্যুদূতলৈ পৰ্যৱসিত হোৱা এই বিশেষ বাঁহৰ সাঁকোখন আছে ওৰাঙৰ নিকটৱৰ্তী বৰছলাত (Bamboo bridge at Rowta)৷ ওৰাঙৰ নিকটৱৰ্তী বৰছলা আৰু গোঁহাই ঘাটৰ সংযোগী পথৰ ওপৰত থকা এই বাঁহৰ সাঁকোখনে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক ৷ যাতায়তৰ বাবে তৈয়াৰ কৰা সাঁকোখনো এতিয়া প্ৰায় ভগ্নপ্ৰায় অৱস্থাত আছে ৷
ইফালে বাৰিষা সমাগত ৷ বাৰিষাকলৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ জনতা ৷ বাৰিষাত কেনেকৈ বিদ্যালয়লৈ যাব অঞ্চলটোৰ শিক্ষাৰ্থী ? আনকি ৰোগীক কেনেকৈ নিয়া হ’ব হাস্পতাললৈ ? উপায়ন্তৰ হৈ বৰছলা বিধানসভা সমষ্টিৰ বিধায়কক বাৰিষাৰ পূৰ্বেই এই দলংখন নিৰ্মাণ কৰি দিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : Assam State Zoo : কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ দেৱাল ?