গোলাঘাটত বিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীৰ শিলান্যাস

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:06 PM IST

thumbnail

গোলাঘাট, ১ জানুৱাৰী: সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত গোলাঘাট নগৰৰ সমীপতে থকা তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাছিল ডিজিটেল লাইব্ৰেৰী আৰু শ্ৰেণী কোঠা । ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিষয়ৰ লগত জড়িত কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত মৰ্মে আজি বিদ্যালয় চৌহদত এটা উন্নতমানৰ ডিজিটেল লাইব্ৰেৰী আৰু শ্ৰেণী কোঠাৰ শিলান্যাস কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।  

বিধায়ক বিশ্বজিৎ ফুকনে শিলান্যাস কৰি কয় যে বিদ্যালয় সমূহৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈছে যদিও কিছু সমস্যা থাকিবই । তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমৰ ভিতৰত উল্লেখযোগ্য বিদ্যালয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যালয়খনৰ খেলপথাৰখন অত্যাধুনিকভাৱে নিৰ্মাণৰ কাম অব্যাহত আছে । এই বৰ্ষতেই খেলপথাৰখন উদ্ধোধন কৰা হ'ব বুলি তেওঁ কয় । আজিৰ এই শিলান্যাস অনুষ্ঠানত বিদ্যালয়খনৰ প‌্ৰধান শিক্ষক মৃদুপৱন শৰ্মাৰ উপৰি পৰিচালনা সমিতিৰ সভাপতি ড৹ পুতুল চন্দ্ৰ শইকীয়াকে আদি কৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

লগতে পঢ়ক:বছৰৰ প্ৰথমটো দিনত মহাদেৱৰ আশীষ বিচাৰি মন্দিৰত ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.