Flood in Nalbari: নিশা বান-খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন দিগন্ত বৰ্মনৰ - Erosion in Nalbari

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 24, 2023, 3:35 PM IST

নলবাৰী,২৪ জুন: চাৰিওফালে বানৰ বিভীষিকা । বানত ককবকাইছে সাধাৰণ জনতাই ।‌ খবৰ লবলৈ যেন আহৰি নাই ৰজাঘৰীয়া বৰমূৰীয়াসকলৰ । জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভুগিছে আদাবাৰীৰ বৰলুইতপাৰৰ ৰাইজে । নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীৰ বৰলুইতপাৰৰ কেইবাখনো গাঁও জলমগ্ন হোৱাৰ উপৰিও গৰাখহনীয়াৰ আতংকত নিদ্ৰাহৰণ হৈছে নৈপৰীয়া ৰাইজৰ ।  

বৰলুইতপাৰৰ প্ৰায় ৩৫ ঘৰ মানুহৰ বহুকেইঘৰ ইতিমধ্যে গৰাখহনীয়াৰ ফলত অন্য স্থানলৈ উঠি যোৱাৰ লগতে বহুকেইঘৰ ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে । গুণাৰে গছৰ ঠাল আৰু কেই বেগমান মাটি দিয়ে দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইয়াৰ মাজতে নিশা বাইকেৰে বানপীড়িত আৰু গৰাখহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰিলে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে ।

বিধায়ক দিগন্ত বৰ্মনে বানপীড়িত আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি বানপীড়িতসকলক অতি শীঘ্ৰে চৰকাৰী সাহায্য আৰু গৰাখহনীয়াৰ কৱলত পৰা লোকসকলক তাৎক্ষণিকভাৱে সকাহ হোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । এই দুৰ্যোগৰ সময়ত চৰকাৰক সহায়ৰ আহ্বান জনাইছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক: Deadbody recovered: গেলাবিল নদীত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.