Congress Protest in Dibrugarh:মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰতিবাদ - ডিব্ৰুগড়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 28, 2023, 7:00 PM IST

ডিব্ৰুগড়,28 জুলাই: ইন্ধনৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰতিবাদ ৷ কংগ্ৰেছৰ অভিযোগ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ এইদৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ডিব্ৰুগড়ত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

ডিব্ৰুগড় জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ ল'লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু জিলা কংগ্ৰেছৰ বহুত কেইজন নেতাই । আনহাতে নামৰূপ সাৰ কাৰখানা বন্ধৰ প্ৰসংগত কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে কয়, "নিৰ্বাচনৰ পূৰ্বে মিছাৰ আশ্ৰয় লৈছে বিজেপিয়ে ৷ আমাক আত্মসন্মানেৰে জীয়াই থাকিবলৈ দিয়ক ৷ "

লগতে পঢ়ক:Closure of Namrup fertilizer factory:নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত যুৱ ছাত্ৰ পৰিষদ আৰু লাচিত সেনাৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.