thumbnail

Dibrugarh AASU Protest : গণিত আৰু বিজ্ঞানৰ ইংৰাজী মাধ্যমৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

By

Published : Apr 8, 2023, 2:23 PM IST

মৰাণ, ৮ এপ্ৰিল : শেহতীয়াকৈ শিক্ষা বিভাগে ৰাজ্য চৰকাৰৰ অধীনস্থ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দ্বৈত মাধ্যমত পাঠদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে (dual medium in Assam govt schools) । লগতে ২০২৩ শিক্ষাবৰ্ষৰ পৰা সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত শিকোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam govt decision to teaching in english medium) ।

কিন্তু ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (AASU opposed english medium in schools) । তাৰ প্ৰতিবাদতেই শনিবাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী ভাষাত পঢ়োৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে (Dibrugarh AASU protest against english medium) ।

চহৰখনৰ চৌকিডিঙ্গি চাৰিআলিত শতাধিক ছাত্ৰ নেতাৰ উপস্থিতিত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে শীঘ্ৰে চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :JEC student death : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উদ্ধাৰ ছাত্রৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.