Karam Puja as govt holiday : মুখ্যমন্ত্ৰী, শ্ৰম মন্ত্ৰীক ধন্যবাদ দি আন্দোলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আটছাৰ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:49 PM IST

Updated : Sep 23, 2023, 4:28 PM IST

thumbnail

যোৰহাট, 23 ছেপ্টেম্বৰ : অৱশেষত জয় হ’ল ৰাইজৰ ৷ চাহ জনগোষ্ঠীয় সমাজৰ দাবী মানি ল’বলৈ বাধ্য হ’ল অসম চৰকাৰ । কৰম পূজা বন্ধক লৈ সমগ্ৰ ৰাজ্যজুৰি আটছা নেতৃত্বত বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজে বিজেপিক বয়কট কৰি বাগিচাই বাগিচাই প্ৰতিবাদ গঢ়ি তুলিছিল ৷ উল্লেখ্য যে, পৱিত্ৰ কৰম পূজাৰ দিনটো পেইড হলিডে’ৰ পৰিৰ্ৱতে অন্য এটা দিনত কাম কৰি দিব লাগিব বুলি 15 ছেপ্টেম্বৰত শ্ৰম বিভাগৰ তৰফৰ পৰা এক জাননী প্ৰকাশ পাইছিল ৷ সেই জাননীৰ পাচতেই চৰকাৰৰ বিৰুদ্ধে বাগানে বাগানে প্ৰতিবাদ সাব্যস্ত কৰিছিল আটছা নেতৃত্বত চাহ শ্ৰমিকসকলে । প্ৰতিবাদৰ সমান্তৰালভাবে চাহ বাগিচাত বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল চাহ শ্ৰমিক তথা আটছাই ।

চাহ শ্ৰমিকৰ দাবী মানি লোৱাৰ পাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক ধন্যবাদ জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি সভাপতি ধীৰাজ গোৱালাই । প্ৰতিবাদৰ উচিত সঁহাৰি জনাই অৱশেষত চাহ শ্ৰমিকৰ এই দাবী অসম চৰকাৰে মানি লোৱাত আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰে আটছাই ৷ এই কথা সদৰী কৰে সংগঠনটোৰ সভাপতি ধীৰাজ গোৱালাই । 

লগতে পঢ়ক:Karam Puja as govt holiday : 25 ছেপ্টেম্বৰত পেইড হলিডে’ ঘোষণা ৰাজ্য চৰকাৰৰ

Last Updated : Sep 23, 2023, 4:28 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.