thumbnail

By

Published : Jun 12, 2023, 9:43 AM IST

Updated : Jun 12, 2023, 10:49 AM IST

ETV Bharat / Videos

Dhemaji village: দলঙটো বাদেই, যাবলৈ এটা ৰাস্তাও নথকা গাঁওখন...

ধেমাজি, 12 জুন : এখন দুখন নহয় সম্পূৰ্ণ ছখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰিলে এখন গাঁৱৰ ৰাইজে ৷ ধেমাজি জিলা চিচিবৰগাঁও আমগুৰি গাঁও পঞ্চায়তৰ লেচাং চেঙামাৰীবাসীয়ে নিৰ্মাণ কৰিলে ছয়খনকৈ বাঁহৰ দলং ৷ জেঠ মাহৰ উৎকট গৰমত প্ৰখৰ ৰ’দকো নেওচি গাঁৱৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে দা, বাঁহ লৈ ওলাই আহিছে দলং নিৰ্মাণ কৰিবলৈ । এই দলং কেইখন নিৰ্মাণ কৰোঁতে ৪/৫দিন সময় লাগিব বুলি জানিবলৈ দিছে গাঁৱৰ ৰাইজে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পথ দলঙৰ সমস্যাত ভুগি আহিছে আমগুৰি গাওঁ পঞ্চায়তৰ লেচাং চেঙামাৰীবাসীয়ে ৷ বাৰিষা বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থী আৰু চিকিৎসালয়লৈ যোৱা ৰোগীয়ে অভাৱনীয় সমস্যাত ভূগিবলগীয়া হয় ৷ প্ৰতিবছৰে বাৰিষা গাওঁবাসীয়ে নাৱেৰে অহা-যোৱা কৰিবলগীয়া হয় ৷ সেয়ে ভৰ বাৰিষাৰ পূৰ্বে লেচাং আৰু চেঙামাৰী গাঁৱৰ পুৰুষ-মহিলা সকলো ওলাই আহিছে দলং নিৰ্মাণৰ কামত ৷ গাঁওবাসীয়ে গাঁঠিৰ ধন ভাঙি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি দলং নিৰ্মাণত নামি পৰিছে ৷ পুৰুষসকলক কামত সহযোগিতা আগঢ়াইছে মহিলাসকলে ৷

মন কৰিবলগীয়া যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ঢাক-ঢোল বজাই ইতিমধ্যে দুটা বছৰ সম্পূৰ্ণ কৰিলে যদিও আজিকোপতি ধেমাজি জিলা আমগুৰি অঞ্চলৰ লেচাং চেঙামাৰীত নপৰিল উন্নয়নৰ পোহৰ ৷ সেয়ে শীঘ্ৰে চৰকাৰক পথ তথা দলঙৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : Husband wife fight: স্বামী-স্ত্ৰীৰ কাজিয়া; নিৰ্যাতিত পুৰুষৰ বাবে আইন প্ৰণয়নৰ দাবী অভিযুক্ত স্বামীৰ

Last Updated : Jun 12, 2023, 10:49 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.