বাঘৰ সন্ত্ৰাসত কলিয়াবৰত বন্ধ ৩ বিদ্যালয় - KALIABOR TIGER TERROR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-11-2024/640-480-22941016-thumbnail-16x9-01-kaliabor-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 20, 2024, 6:06 PM IST
কলিয়াবৰ: সোমবাৰৰ পুৱাৰে পৰা কলিয়াবৰৰ বৰভকতি, মিৰি ভেটি, ঢেকীয়াল, কটিয়ৰী, দেৱৰ সত্ৰ বনৰজাৰ বিচৰণত শঙ্কিত হৈ থকাৰ সময়তে বনৰজাৰ বিচৰণত বুধবাৰে পুৱাতে হৈ-চৈ লাগে তিনিখনকৈ বিদ্যালয়ত । স্কুললৈ আহি বাঘৰ ভয়ত উভতিল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী ।
জখলাবন্ধাৰ ৰামানন্দদেৱ গোস্বামী হাইস্কুল, জখলাবন্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু আয়ুস পাব্লিক স্কুলৰ পিছফালে প্ৰত্যক্ষ কৰা হ'ল প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ । পূৰ্বতে বিচৰণ কৰি গৰু-ছাগলী নিধন কৰি আতঙ্কৰ সৃষ্টি কৰা ঢেকীয়াপটীয়াটোৱে সোণাৰী গাঁও, কামাখ্যা গাঁও, সোণাৰী চাহ বাগিচা, হাতীমূৰাৰ পৰা আহি নতুনকৈ কলঙৰ পাৰৰ হাবিয়নিত আশ্ৰয় লৈ আছিল ।
বাঘটোৱে বৰভকতি, মিৰি ভেটি, ঢেকীয়াল, কটিয়ৰী, দেৱৰ সত্ৰ অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি কেইবাটাও ছাগলী আৰু গৰু নিধন কৰিছিল । বন বিভাগে মঙলবাৰে নিশাও বাঘটো তাৰ পৰা খেদি পঠিয়াবলৈ প্ৰচেষ্টা চলায় যদিও বিফল হয় ।
অনুমান কৰা মতে, নিশা বাঘটোৱে স্থান সলনি কৰি কলঙৰ পাৰে পাৰে আহি জখলাবন্ধাৰ বৰ্তমানৰ স্থানত অৱস্থান কৰিছে ।