পিতৃৰ আদৰ্শৰে বাটবুলা এগৰাকী শিক্ষিত যুৱক: চাকৰিৰ আশা নকৰি কৃষিকৰ্মৰে স্বাৱলম্বী - AGRICULTURE REVOLUTION
🎬 Watch Now: Feature Video
Published : Nov 20, 2024, 5:19 PM IST
আমগুৰি : পিতৃৰ আদৰ্শৰে বাটবুলা এগৰাকী শিক্ষিত পুত্ৰ । চৰকাৰী চাকৰিৰ বাবে তাঁতবাতি নকৰি পিতৃৰ আদৰ্শৰে আগবাঢ়িছে যুৱকজন ।
শিৱসাগৰৰ দিখৌমুখৰ এজন যুৱকে দেখুৱাইছে এই আদৰ্শ । উৰ্বৰা ভূমিত কৃষি বিপ্লৱৰ সূচনা কৰা যুৱকজন হৈছে দিগন্ত বৰা । দিখৌৰ পলসুৱা উৰ্বৰ ভূমিত ৰবিখেতি কৰি সূচনা কৰিছে কৃষি বিপ্লৱৰ ।
বাৰিষা দিখৌ নদীয়ে পলস পেলাই যোৱা সাৰুৱা ভূমি ৰবিখেতিৰ কাৰণে উপযোগী । এই ভূমিতে দিগন্ত বৰাৰ দৰে অন্য পৰিয়ালেও কৃষিকৰ্মৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে । ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক কৃষিকৰ্মৰে নিদৰ্শন দেখুৱাইছে শিক্ষিত যুৱক দিগন্ত বৰাই ।
দিখৌমুখ খৰাধৰাৰ যুৱক দিগন্ত বৰাই দিখৌ নদীৰ পলসুৱা মাটিত কৃষিকৰ্মৰে দাঙি ধৰিছে নিদৰ্শন । কলেজত অধ্যয়ন কৰি থকা অৱস্থাৰে পৰা চাকৰিমুখী ন'হৈ মগ্ন হয় কৃষিকৰ্মত । জাতিলাও, তিয়ঁহ, ৰঙালাও, ফ্ৰেন্সবিন, মূলা, ধনীয়া, আলু খেতিৰে মাহে লক্ষাধিক টকা উপাৰ্জন কৰে আদৰ্শ কৃষক দিগন্ত বৰাই । কৃষিকৰ্মৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা দিগন্ত বৰা শিক্ষিত যুৱকসকলৰ বাবে আদৰ্শস্বৰূপ ।