ETV Bharat / state

শনিবাৰ-দেওবাৰৰ নিশা গুৱাহাটীৰ মাজেৰে যাব নোৱাৰি: আৰক্ষী আয়ুক্ত - GUWAHATI POLICE COMMISSIONER

ব্যৱসায় বৃদ্ধি কৰিবলৈ যাওঁতে যাতে কাৰো অপকাৰ নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ সকীয়নি ৷

guwahati police commissioner
শনিবাৰ-দেওবাৰৰ নিশা গুৱাহাটীৰ মাজেৰে যাব নোৱাৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 8:15 PM IST

গুৱাহাটী: গুৱাহাটীৰ বাৰ-ৰেষ্টুৰেন্টৰ কৰ্তৃপক্ষৰ সৈতে বৈঠক মহানগৰ আৰক্ষী আয়ুক্তৰ । বুধবাৰে কৰ ভৱনত অনুষ্ঠিত এই বৈঠকত বাৰ ৰেষ্টুৰেন্টৰ কৰ্তৃপক্ষক সকীয়নি দি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়," চৰকাৰে দিয়া নিয়মসমূহ মানি চলিব লাগিব বাৰ কৰ্তৃপক্ষই । মহানগৰীত 229 খন বাৰ কাম ৰেষ্টুৰেণ্ট চলি আছে । প্ৰশাসনৰ নিয়ম বহুতে মানিছে আৰু বহুতে মনা নাই । শনিবাৰে নিশা আৰু দেওবাৰে নিশা গুৱাহাটীৰ মাজেৰে যাব নোৱাৰি । মহানগৰীৰ বহুকেইখন বাৰ এণ্ড ৰেষ্টুৰেণ্টত ড্ৰাগছ বিক্ৰী কৰে । বহুকেইটা অপৰাধজনিত ঘটনাৰ তদন্তত এই কথা পোহৰলৈ আহিছে । কোন কোন বাৰত ড্ৰাগছ বিক্ৰী কৰা হয় সকলো ডাটা আছে আমাৰ লগত । এই কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । যুৱতীসকলক বাৰসমূহত সুৰা ফ্ৰীকৈ দিয়ে । তাৰ সুযোগ লৈ বহু যুৱতী বাৰসমূহলৈ যায় আৰু অচিনাক্ত ব্যক্তিক টাৰ্গেট কৰে । তাৰ পিছত যুৱতীগৰাকীৰ লগত বহু নহ'বলগীয়া ঘটনা হয় ।"

ব্যৱসায় বৃদ্ধি কৰিবলৈ যাওঁতে যাতে কাৰো অপকাৰ নহয় তাৰ প্ৰতি গুৰুত্ব ৰাখিবলৈ তেওঁ আহ্বান জনাই কৰ্তৃপক্ষক । ধাবা বা অবৈধভাৱে সুৰা বিক্ৰী কৰা বিপণিসমূহৰ বিষয়ে তেওঁ কয়- "ধাবাসমূহত চলি থকা ব্যৱস্থাটোৰ ওপৰতো আমি তদন্ত চলাম ।"

গুৱাহাটীত বিগত তিনি বছৰত কিমান পথ দুৰ্ঘটনা সংঘটিত হ'ল:

এই বৈঠকত মহানগৰ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি গুৱাহাটীত 2024 চনৰ অক্টোবৰলৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে 992 টা । 2023 চনত সংঘটিত হয় 755 টা দুৰ্ঘটনা, 2022 বৰ্ষত সংঘটিত হয় 761 টা দুৰ্ঘটনা । এই দুৰ্ঘটনাত 2024 বৰ্ষৰ অক্টোবৰলৈ মৃত্যু হয় 269 জন ব্যক্তি আৰু আহত হয় 818 জন । 2023 বৰ্ষত দুৰ্ঘটনাত মৃত্যু হয় 267 জন ব্যক্তি আৰু আহত হয় 535 জন । 2022 চনত পথ দুৰ্ঘটনাত মৃত্যু হয় 253 জন আৰু আহত হয় 512 জন লোক ।

আনহাতে, চলিত বৰ্ষৰ অক্টোবৰলৈ গুৱাহাটীত সুৰাপান কৰি বাহন চলোৱা 2131 টা গোচৰ ৰুজু হোৱাৰ লগতে 1074 খন লাইচেন্স বাতিল কৰা হৈছে । 2023 চনত সুৰাপান কৰি বাহন চলোৱা 2646টা গোচৰ ৰুজু হোৱাৰ লগতে 1185 খন লাইচেন্স বাতিল হৈছে । 2022 ত সুৰাপান কৰি বাহন চলোৱা 1428 টা গোচৰ ৰুজুৰ লগতে 1088 খন লাইচেন্স বাতিল হৈছে ।

হেলমেট পৰিধান নকৰাৰ গোচৰ:

মহানগৰীত 2024 ৰ অক্টোবৰলৈ হেলমেট পৰিধান নকৰাৰ 56657 টা গোচৰ পঞ্জীয়ন হৈছে । 2023 চনত 32821 টা হেলমেট নিপিন্ধা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে 2022 বৰ্ষত 25081টা হেলমেট নিপিন্ধা গোচৰ পঞ্জীয়ন হৈছে । আনহাতে 2024 বৰ্ষৰ অক্টোবৰ মাহলৈ 46,86,46,000 টকা ই-চালান ফাইন সংগ্ৰহ কৰা হয় । 2023 বৰ্ষত 47,12,57,500 টকা আৰু 2022 বৰ্ষত 37,09,89,700 টকাৰ ফাইন সংগ্ৰহ হয় ।

লগতে পঢ়ক: নিশা গুৱাহাটীৰ বাৰত যুৱতীক মাৰপিটৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.