ETV Bharat / state

উদ্ধাৰকাৰীক গুৰিয়াই নাৱৰ পৰা পেলোৱা অমৃশ ধৰা পৰিল - TINSUKIA BOAT ACCIDENT

নাৱত উঠোতে এজন লোকক গোৰ মাৰি পানীত পেলোৱা অমৃশ মিপুন তিনিচুকীয়া আৰক্ষীৰ জিম্মাত । চাৰিদিনে সন্ধান নাই নিখোঁজ মনোজ প্ৰায়াৰ ।

Main accused in boat accident in Tinsukia police custody
মুখ ঢাকি তিনিচুকীয়া আৰক্ষীৰ বাহনত অমৃশ মিপুন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 7:57 PM IST

তিনিচুকীয়া: চাৰিদিনৰ অন্তত বুধবাৰে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰা দধীয়াৰ অমৃশ মিপুনক নিজৰ জিম্মাত লয় তিনিচুকীয়া আৰক্ষীয়ে । দেওবাৰে তিনিচুকীয়া জিলাৰ দিনজান ঘাটত দধীয়ালৈ যাত্ৰা কৰা এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ সময়তে ভগৱানৰ ৰূপ লৈ তিনিগৰাকীকৈ লোকক প্ৰাণ বচাবলৈ সক্ষম হোৱা দিনজান চাহ বাগিছাৰ মনোজ প্ৰায়া নামৰ লোকজনক নাৱত উঠিবলৈ বাধা প্ৰদান কৰাৰ লগতে গোৰ মাৰি নদীত পেলাই দিছিল দধীয়াৰ অমৃশ মিপুনে ।

স্থানীয় বহু লোকে ঘাটৰ পাৰৰ পৰা তেনে নকৰিবলৈ মানা কৰিছিল যদিও কোনো কথা গুৰুত্ব নিদি অমৃশ মিপুনে নাৱত উঠিবলৈ দিয়াৰ সলনি ডিব্ৰু নৈত পেলাই দিছিল দিনজান চাহ বাগিচাৰ মনোজ প্ৰায়াক । এই সমগ্ৰ ঘটনা বন্দী হয় এগৰাকী স্থানীয় লোকৰ ম'বাইলৰ কেমেৰাত । পৰৱৰ্তী সময়ত ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

উদ্ধাৰকাৰীক গুৰিয়াই নাৱৰ পৰা পেলোৱা অমৃশ ধৰা পৰিল (ETV Bharat Assam)

সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে 397/24 CEC 103(1)/238 (A) BNS নম্বৰত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত । সমান্তৰালভাৱে ডিব্ৰু নৈৰ বুকুত বিলিন হোৱা মনোজ প্ৰায়াৰ সন্ধানত এছ ডি আৰ এফে চলাই অভিযান । কিন্তু ঘটনা সংঘটিত হোৱাৰ আজি চাৰিটা দিন অতিক্ৰম কৰিলে যদিও কোনো সন্ধান নাই মনোজ প্ৰায়াৰ । তাকে লৈ এতিয়া ভাগি পৰিছে অতি দৰিদ্ৰ পৰিয়ালৰ মনোজ প্ৰায়াৰ পত্নীসহ সন্তান ।

তিনিচুকীয়া আৰক্ষীয়ে অভিযুক্ত অমৃশ মিপুনক বিচাৰি দধীয়াত অভিযান চলাই যদিও সফল হোৱা নাছিল । তাকে লৈ সৰৱ হৈ পৰিছিল আটছা, আছাৰ লগতে স্থানীয় ৰাইজ । কিন্তু বুধবাৰে পুৱাই পলাতক অমৃশ মিপুনে জোনাই আৰক্ষী থানাত আত্মসমৰ্পন কৰে । জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পাছতে অভিযুক্ত অমৃশ মিপুনক নিজৰ জিম্মাত লয় তিনিচুকীয়া আৰক্ষীয়ে ।

বুধবাৰে বিয়লি তিনিচুকীয়া আৰক্ষীৰ এটা দলে অভিযুক্তক লৈ তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হোৱাৰ লগতে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত । স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছতে নিশা সমগ্ৰ ঘটনা সন্দৰ্ভত মাৰাথন জেৰা চলাব তিনিচুকীয়া আৰক্ষীয়ে । তিনিচুকীয়াত অভিযুক্ত অমৃশ মিপুনক সংবাদকৰ্মীয়ে প্ৰশ্ন কৰাৰ সময়ত মৌন ভূমিকা লোৱাৰ লগতে মুখখন ঢাকি নিজকে লুকুৱাবলৈহে চেষ্টা কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: ব্যক্তিগত শত্ৰুতাৰ বাবেই গুৰিয়াই-লঠিয়াই ডিব্ৰু নৈৰ বুকুত মৰিবলৈ পেলাই দিছিল মনোজক

নাৱৰ পৰা গুৰিয়াই মনোজক নদীত পোলোৱা অমৃশ ক'ত লুকাল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.