ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU STATE WIDE PROTEST

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি যোগানমন্ত্ৰী তথা চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী আছুৰ ।

AASU state wide protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 8:45 PM IST

তিনিচুকীয়া : ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক । ইয়াৰ বিপৰীতে নিৰ্বাক-নিৰ্বিকাৰ হৈ আছে ৰাজ্য চৰকাৰৰ যোগান বিভাগ । এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । আছুৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী ।

বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ সদৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কেন্দ্ৰীয় আৰু ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনজাত সামগ্ৰী, ৰন্ধন গেছ, ঔষধ-পাতি ইত্যাদি প্ৰত্যেকবিধ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ জনসাধাৰণক জুৰুলা কৰিছে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ (ETV Bharat Assam)

সেয়ে বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা তিনিচুকীয়া থানা চাৰিআলিলৈ এক বৃহৎ সমদল উলিয়াই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ বুঢ়াগোঁহাই আৰু সাধাৰণ সম্পাদক প্ৰতিম নেওগে প্ৰতিবাদী কাৰ্যসূচীত জঅংশগ্ৰহণ কৰি কয়, "মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰ আৰু যোগান বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । হিতাধিকাৰী সৃষ্টিৰ নামত ৰাজভঁৰালৰ ধন খৰচ কৰি নিত্যব্যৱহাৰ্য্য সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে । গতিকে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰক, অন্যথা তেওঁ দায়িত্বৰ পৰা পদত্যাগ কৰক ।"

শৰীৰচৰ্চাৰ সমানে ৰাইজৰ কথা কিয় নাভাবে যোগান মন্ত্ৰীয়ে ?

ধেমাজি : ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ চৰা দামে কোঙা কৰাৰ সময়ত ৰাজ্যৰ যোগান মন্ত্ৰীগৰাকীয়ে নাকত তেল দি শুই থকাক লৈ জাঙুৰ খাই উঠিছে আছু ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে বুধবাৰে ধেমাজি সদৰতো সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী সমদলে বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, ৰণজিৎ দাস হায় হায় আদি শ্লোগানেৰে আকাশ-বতাহ মুখৰ কৰি তোলে ৷

প্ৰতিবাদৰ অন্তত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বুঢ়াগোঁহায়ে কয়, “এইখন চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰীগৰাকী একেবাৰে অকৰ্মণ্য বুলি বাৰে বাৰে প্ৰমাণিত হৈছে ৷ যিসময়ত অত্যধিক মূল্যবৃদ্ধি হৈছে সেই সময়ত তেওঁ শৰীৰচৰ্চা কৰি আছে । শৰীৰচৰ্চা কৰিব লাগে আমি বেয়া পোৱা নাই ৷ শৰীৰচৰ্চা যেনেধৰণে কৰিছে তেনেকৈ যদি ৰাইজৰ কথা চিন্তা কৰিলেহেঁতেন নিশ্চিতভাৱে জনসাধাৰণে সকাহ পালেহেঁতেন ।"

আমিনগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

বাইহাটা : কামৰূপ জিলাৰ সদৰ আমিনগাঁৱতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে কামৰূপ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে । অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত কৰা এই বিক্ষোভ কাৰ্যসূচীত জিলাখনৰ শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, যোগান মন্ত্ৰী হায় হায়,অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয় চৌহদ । লগতে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে যোগান মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব বুলি হুংকাৰ দিয়ে ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ।

ছাত্ৰ সন্থাৰ একাংশ নেতা-কৰ্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, "ভাল দিনৰ সপোন দেখুওৱা বৰ্তমানৰ চৰকাৰৰ সময়ত সাধাৰণ জনতাই চলিব নোৱৰা এক পৰিৱেশৰ সৃষ্টি হৈছে । বৰ্তমানৰ যোগান মন্ত্ৰীগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যৰ্থ যোগান মন্ত্ৰী । কেৱল এ চি ৰুমত বহি আৰু শৰীৰচৰ্চা কৰি থাকিলে নহ'ব । পৰৱৰ্তী সময়ত চৰকাৰে যদি বয়বস্তুৰ মুল্যবৃদ্ধি ৰোধ নকৰে তেন্তে ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটা চহৰত বৰপেটা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

বৰপেটা : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথত নামিল বৰপেটা জিলা ছাত্ৰ সন্থা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্রাস কৰাৰ দাবীত বৰপেটা চহৰত বৰপেটা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়াই আছু কৰ্মীসকলে বৰপেটা বৰবজাৰৰ তিনিআলিৰ চ'কত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

মূল্য বৃদ্ধি ৰোধ কৰিব নোৱৰা যোগান মন্ত্ৰী ৰণজিৎ দাস হায় হায়, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰণজিৎ দাসে পদত্যাগ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তল কৰি তোলে ৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে যোগান মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰ দাসে ৷

কেৱল কথাৰ ফুলজাৰি মাৰে মন্ত্রী ৰণজিৎ দাসে- লখিমপুৰত ছাত্র নেতাৰ ক্ষোভ

লখিমপুৰ : ৰাজ্য চৰকাৰ, যোগান বিভাগ আৰু বিভাগীয় মন্ত্রীক কঠোৰ সমালোচনা কৰি বুধবাৰে ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্র সন্থাই । ৰাজ্যৰ আন আন জিলাৰ দৰে লখিমপুৰতো জিলা ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

"কেৱল কথাৰ ফুলজাৰি মাৰে মন্ত্রী ৰণজিৎ দাসে । তেওঁৰ নিজৰ যোগান বিভাগৰ ওপৰত নিয়ন্ত্রণ নাই । যোগান বিভাগ বুলি থকা বিভাগটো নামতহে আছে । কামত নাই । বজাৰ অথবা বেপাৰীৰ ওপৰত নিয়ন্ত্রণ নাই বিভাগটোৰ ।" ৰাজ্যৰ যোগান বিভাগ আৰু বিভাগীয় মন্ত্রী ৰণজিৎ দাসৰ বিৰুদ্ধে বুধবাৰে এনেদৰে ক্ষোভ প্ৰকাশ কৰে লখিমপুৰ জিলা ছাত্র সন্থাৰ নেতৃবৰ্গই ।

লগতে পঢ়ক :জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন
লগতে পঢ়ক :তিনিচুকীয়াত তেল চুৰি কৰা ডাম্পাৰ বিস্ফোৰিত হৈ নিহত এজন, আহত ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.