ETV Bharat / sports

এছিয়ান মহিলা হকী চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতৰ - HOCKEY ASIAN CHAMPIONS TROPHY 2024

Womens hockey final 2024: মহিলা হকী এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চীনক 1-0 গ’লত পৰাস্ত ভাৰতৰ ৷ পৰিধান কৰিলে বিজয়ীৰ মুকুট ৷

HOCKEY ASIAN CHAMPIONS TROPHY 2024
খিতাপ বিজয়ী ভাৰতীয় দলটো (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 20, 2024, 7:46 PM IST

স্প’ৰ্টছ ডেস্ক: বিহাৰৰ ঐতিহাসিক চহৰ ৰাজগীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন ভাৰতীয় মহিলা হকী দলৰ ৷ ফাইনেলত প্ৰতিদ্বন্দ্বী চীনক 1-0 গ’লত পৰাস্ত কৰে ভাৰতীয় দলটোৱে ।

ৰাজ্যখনৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এছিয়ান মহিলা হকী চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেলুৱৈ দীপিকাই তৃতীয় কোৱাৰ্টাৰৰ প্ৰথম মিনিটত গ’ল দি ভাৰতক 1-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

HOCKEY ASIAN CHAMPIONS TROPHY 2024
ট্ৰফী (ETV Bharat)

গ’লবিহীন প্ৰথম হাফ

অৱশ্যে পেনাল্টি কৰ্ণাৰত ব্যৰ্থ প্ৰচেষ্টাৰ পিছত দীপিকাই ৰিভাৰ্ছ হিটেৰে গ’ল প্ৰদান কৰে । প্ৰতিযোগিতাত খেলুৱৈগৰাকীৰ এয়া আছিল 11 সংখ্যক গ’ল ৷ প্ৰথমাৰ্ধত চীনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাৰতক কোনো গ’ল প্ৰদানৰ সুযোগেই নিদিলে । এই সময়ত ভাৰতে চাৰিটা পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে চীনে লাভ কৰে দুটা পেনাল্টি কৰ্ণাৰ ৷ কিন্তু খেলখনৰ প্ৰথমাৰ্ধটো গ’লবিহীনভাৱেই সামৰণি পৰে ৷

পতাকাৰে উৎসাহ ভাৰতীয় দৰ্শকৰ

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ পূৰ্বৰে পৰা ষ্টেডিয়ামটো ভৰি পৰিছিল দৰ্শকৰে । দৰ্শক তথা অনুৰাগীসকলে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰি খেলুৱৈসকলক উৎসাহিত কৰি তুলিছিল ৷

উপস্থিত থাকে কেন্দ্রীয় মন্ত্রীকে ধৰি বিশিষ্ট লোকসকল

খেলখন স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হয় কোৰিয়া, জাপান আৰু মালয়েছিয়াৰ দলসমূহ ৷ চূড়ান্ত খেলখনত দুয়োখন দেশৰ খেলুৱৈয়ে ইজনে-সিজনৰ বিৰুদ্ধে গ’ল দিবলৈ চেষ্টা কৰা দেখা যায় যদিও ভাৰতে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ সাধাৰণ দৰ্শকৰ উপৰিও খেলখনৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিহাৰৰ জলসম্পদ তথা জিলাখনৰ প্ৰভাৰী মন্ত্ৰী বিজয় কুমাৰ চৌধুৰী আদি ৷

লগতে পঢ়ক: মহিলা হকী এছিয়ান চেম্পিয়নছ ট্ৰফী; জাপানক 2-0 গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.