thumbnail

By

Published : Apr 11, 2023, 10:45 PM IST

ETV Bharat / Videos

Rangali bihu celebration: খাঁটি সৰিয়হ তেলেৰে বিহুৰ উদযাপনৰ বাবে সাজু হৈছে ধেমাজি মাছখোৱাবাসী

ধেমাজি, 11 এপ্ৰিল : মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীয়ে দুদিনৰ পিছতে পালন কৰিব বাপতি সাহোন ৰঙালী বিহুটি ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম হ’লেও সৰ্বসাধাৰণ চহা কৃষিজীৱী ৰাইজে পালন কৰিবলৈ আগবাঢ়িছে হেঁপাহৰ ৰঙালী বিহু । ধেমাজি মাছখোৱাৰ বিভিন্ন গ্ৰামাঞ্চলৰ ৰাইজে নিজে খেতি কৰা সৰিয়হৰ পৰা তেল প্ৰস্তুত কৰি বিহুৰ পিঠা পনা প্ৰস্তুত কৰিছে ৷

বজাৰৰ মিঠাতেলৰ আকাশলংঘী মূল্যৰ বাবে বহুতেই এই মিঠাতেল কিনি পালন কৰিব নোৱাৰে বিহু ৷ মাছখোৱা যোৰকটা গাঁৱৰ বিভিন্ন জনে নিজৰ পথাৰত উৎপাদিত সৰিয়হ তেল লৈ ঢাপলি মেলিছে তেল পেৰা প্ৰতিষ্ঠানলৈ ৷ গ্ৰাহকৰ ভিৰৰ বাবে সঘনাই বিকল হৈ পৰিছে তেল পেৰা যন্ত্ৰাংশ ৷ কেতিয়াবা আকৌ বিদ্যুতৰ অহা যোৱাই জলা-কলা খুৱাইছে ৰাইজক ৷ তাৰ পিছতো সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বিশুদ্ধ সৰিয়হ তেল উৎপাদন কৰি বিহু পালন কৰিবলৈ ৷

উল্লেখ্য যে, বাৰিষা বৃহত্তৰ মাছখোৱা অঞ্চলৰ বহু ঠাইত বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকে শালি খেতি কৰিব নোৱাৰে অথবা বাম অঞ্চলতো উৎপাদন নহয় ধান ৷ সেয়ে এই অঞ্চলত চহা কৃষিজীৱী ৰাইজে বিঘাই বিঘাই সৰিয়হ খেতি কৰি আহিছে ৷ বহু খেতিয়কে সৰিয়হ কুইন্টল হিচাপত বিক্ৰী কৰি আহিছে যদিও এইবেলি মধ্যভোগী দালালৰ বাবে বহু সৰিয়হ খেতিয়কে ব্যৱসায়ীক সৰিয়হ বিক্ৰী নকৰিলে ৷ গতিকে অঞ্চলটোৰ সৰহসংখ্যক সৰিয়হ খেতিয়কে যন্ত্ৰৰ সহায়ত সৰিয়হ তেল প্ৰস্তুত কৰি বিহু উদযাপন কৰিবলৈ সাজু হৈছে ৷

লগতে পঢ়ক : Bihu dance for World record: বিহুৰ বিশ্বমুখী যাত্ৰালৈ অহা শিল্পীৰ দুদৰ্শা; ৰাজপথতে কটালে উজাগৰী নিশা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.