77th Independence Day: কাছাৰী ময়দানত ৭৭তম স্বাধীনতা দিৱসৰ অন্তিম অনুশীলনত ব্যস্ত আৰক্ষী-শিক্ষাৰ্থী - স্বাধীনতা দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 13, 2023, 8:06 PM IST

ধেমাজি, ১৩ আগষ্ট: সমগ্ৰ দেশৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত দেশৰ ৭৭তম স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক আয়োজন চলিছে ৷ দেওবাৰে অনুশীলনৰ অন্তিম দিনা ধেমাজি কাছাৰী ময়দানত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ এইবেলি স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত আৰক্ষী, এনচিচি, স্কাউট গাইডকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসহ মুঠ ২৩টা কুচ-কাৱাজ দলে অংশগ্ৰহণ কৰিব ৷

ইপিনে স্বাধীনতা দিৱসক লৈ জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ কথা জানিবলৈ দিয়ে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ কোনো দুস্কৃতিকাৰীয়ে যাতে জিলাখনত কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে ধেমাজি জিলা আৰক্ষী তথা প্ৰশাসনে দিনে নিশাই সষ্টম হৈ থকাৰ বিষয়ে উল্লেখ কৰে আয়ুক্ত অংকুৰ ভৰালীয়ে ৷

লগতে পঢ়ক: 77th Independence Day: লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.