Blind family in Dhemaji: চৰকাৰকে ধৰি অসমবাসীৰ পৰা সহায় বিচাৰিছে ধেমাজিৰ এটা দৃষ্টিহীন পৰিয়ালে

By

Published : Mar 21, 2023, 1:52 PM IST

thumbnail

ধেমাজি, 21 মাৰ্চ : চিকিৎসাৰ বাবে সহায় বিচাৰি চৰকাৰ আৰু ৰাইজলৈ কাতৰ অনুৰোধ জনাইছে ধেমাজিৰ এটা দৃষ্টিহীন পৰিয়ালে ৷ চিকিৎসাৰ বাবে অৰ্থ সংকটত ভুগিছে ধেমাজি নগৰৰ তুলসীবাৰী গাৱঁৰ এই দৃষ্টিহীন পৰিয়ালটো (Dhemaji blind family) ৷ তুলসীবাৰী নিবাসী শান্তিৰাম গোঁহাই এক জটিল ৰোগত আক্ৰান্ত হৈছে ৷

জানি দুখ পাব যে শান্তিৰামৰ লগতে তেওঁৰ পৰিবাৰো দৃষ্টিহীন ৷ জটিল ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হৈছে কিছু ধনৰ ৷ উল্লেখ্য যে স্বাস্থ্য ভালে থাকোতে ৰেলত গীত গাই ধন সংগ্ৰহ কৰি পৰিয়াল পোহ পাহ দি আহিছিল শান্তিৰামে (Dhemaji news) ৷ এতিয়া ৰোগত আক্ৰান্ত হোৱাৰ ফলত দুটি সন্তানৰ সৈতে এক অভাৱনীয় সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে পৰিয়ালটো ৷ 

কোনো মানৱ দৰদী লোকে সহায় কৰিবলৈ ইচ্ছা কৰিলে লোকজনৰ সুবিধাৰ্থে তেওঁৰ কন্যা জাহ্নৱী গোঁহাইৰ একাউণ্ট নং 39190578891 ifsc code SBIN 0001426 সামৰ্থ অনুযায়ী দান কৰি অথবা 9101819538 ফোন নম্বৰৰ সৈতে যোগাযোগ কৰি সহায় কৰিবলৈ কাতৰে আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে (Dhemaji blind family seek help from Govt people) ৷ উল্লেখযোগ্য যে শান্তিৰামে পূৰ্বে এই ৰোগৰ চিকিৎসা ডিব্ৰুগড়ত কৰিছিল যদিও ভাল ফলাফল লাভ নকৰিলে ৷

পৰিয়ালে অতি দুখেৰে জনায় যে প্ৰথমে ডিব্ৰুগড়ত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণ আৰোগ্য নহল তেওঁ ৷ তাত চিকিৎসা কৰি নিজৰ সাচঁতীয়া টকাও শেষ হ’ল ৷ কিন্তু বেমাৰটো পুনৰ আৰম্ভ হোৱাত এতিয়া হাহাঁকাৰ লাগিছে পৰিয়ালটোৰ মাজত (Dhemaji blind poor people) ৷ ৰাইজৰ লগতে চৰকাৰৰ পৰা অলপ সকাহ বিচাৰি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক হাতযোৰ কৰি কাতৰ অনুৰোধ জনাইছে দৃষ্টিহীন স্বামী-স্ত্ৰীয়ে । 

ইয়াৰ লগতে শান্তিৰামে কয় যে তুলসীবাৰীৰ ঘৰৰ কাষতে আছে তেলিজান নদী ৷ প্ৰতিবছৰে বাৰিষা নদীখনে ঘৰৰ বাৰী খহাই ঘৰৰ ভেটিৰ কাষ চাপিছে ৷ নদীত পানী বাঢ়িলে ভেটিও খহাই নিয়াৰ উপক্ৰম হৈছে ৷ তদুপৰি যিকোনো সময়তে প্ৰশাসনে তুলসীবাৰী গাঁৱৰ পথটো সম্প্ৰসাৰণ কৰিলে তেওঁলোকৰ ঘৰৰ ভেটিও যাব পাৰে ৷ সেয়ে দৰিদ্ৰ পৰিয়ালটোক নিৰাপদ ঠাইত এটা বাসগৃহৰ ব্যৱস্থা কৰি দিবলৈও চৰকাৰক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Smuggled cattle seized at Kaliabor: অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.