Bihu distortion in G20 summit: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহুক বিকৃত ৰূপত উপস্থাপন

🎬 Watch Now: Feature Video

thumbnail

ধেমাজি, 9 ছেপ্টেম্বৰ : যি সময়ত অসমৰ বিহুৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে সেই সময়তে অসমীয়া জাতিৰ মান বিহুক নতুন দিল্লীত অনুষ্ঠিত হোৱা G20 সন্মিলনত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল । এটা জাতিৰ পৰিচায়ক, হৃদ স্পন্দন বিহুনাচৰ এই দৃষ্টিকটু দৃশ্য প্ৰত্যক্ষ কৰাৰ পিচত এতিয়া প্ৰতিজন স্বাভিমানী অসমীয়াই সহজে মানি ল’ব পৰা নাই  ৷ ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমীয়া সংস্কৃতিৰ চৰ্চাৰ এক উৰ্বৰ ভূমি ধেমাজিতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা তথা বিহুপ্ৰেমী বুদ্ধেশ্বৰ কোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিহুক সঠিক ৰূপত পৰিৱেশন কৰি জীয়াই ৰাখিব নোৱাৰিলে জাতিটোৰ প্ৰতি ভাবুকি আহি পৰিব ৷

লগতে পঢ়ক : Bihu dance performed in G20 summit:লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া উঠিছে খং, কিন্তু কিয়?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.