Dhemaji Atul Saikia murder case: বন্ধুৱে মাতোতেই ঘৰৰ পৰা ওলাই যোৱা অতুল উভতিল নিথৰ দেহে
🎬 Watch Now: Feature Video
ধেমাজি, 19 আগষ্ট : বন্ধুৰ হাততেই প্ৰাণ গ’ল নেকি অতুলৰ ! বিশ্বাসী বন্ধুৱে মাতোতেই ঘৰৰ পৰা ওলাই গৈছিল অতুল ৷ সেই যোৱাই আছিল শেষ যোৱা ৷ পুনৰ আকৌ ঘৰলৈ ঘূৰি নাহিল অতুল ৷ ভাত সাঁজ একেলগে খাম খাম বুলি মাকলৈ ফোনযোগে জনোৱা অতুলে খাবলৈ নাপালে মাকৰ সৈতে একেলগে ভাত সাঁজ ! কেনে নিষ্ঠুৰ নিয়তি ৷ মৃত্যু তেনেই সহজ আজিকালিৰ দিনত ৷ পৰিয়াল তথা গাঁওবাসীয়ে কৰা অভিযোগ অনুসৰি মাতি নিয়া বন্ধুৱেই হত্যা কৰিছে অতুলক ৷ এই বৰ্বৰোচিত ঘটনা সংঘটিত হৈছে ধেমাজি আৰু লক্ষীমপুৰ জিলাৰ সীমান্তৰ মাছখোৱা গোৱালদৈ বাটমাৰী গাঁৱত ৷
জানিব পৰা মতে গাঁওখনৰ দ্ৰোণ শইকীয়াৰ ২৮ বছৰীয়া পুত্ৰ অতুল শইকীয়াক যোৱা ১৫ আগষ্ট তাৰিখে ধেমাজিৰ ঐতিহাসিক হাবং ক্ষেত্ৰত খানা খাবলৈ আমন্ত্ৰণ কৰে মাছখোৱা বৰহোলাৰ দিগন্ত কোঁচ, মাছখোৱা বিলতীয়া গাঁৱৰ হোমেন শইকীয়া আৰু যোৰকটা খলিহামাৰীৰ নিপু সন্দিকৈয়ে ৷ এই তিনিজন যুৱকে অতুল শইকীয়াক লগত লৈ গৈ হাবং ক্ষেত্ৰত খানা খাবলৈ যায় ৷ পিছে নিশা অতি বেয়াকৈ চোকা অস্ত্ৰৰে হানি খুচি মাৰ পিট কৰি অতুলক ঘৰ পৰা ১ কিঃমিঃ দুৰত্বত পেলাই থৈ যায় ৷ সেইদিনা নিশা ৯ মান বজাত প্ৰতিৱেশী এজনে পথৰ দাঁতিত সংকটজনক অৱস্থাত অতুলক পৰি থকা দেখি মাকলৈ ফোন যোগে জনায় ৷ ইয়াৰ পিছতে হাহাকাৰ লাগে পৰিয়ালটোত ৷ পৰিয়ালৰ লোকে বিচাৰি আহে যদিও অতুলক বিচাৰি নাপায় ৷ পিছত কোনো লোকে মুমূৰ্ষু অৱস্থাত অতুলক উদ্ধাৰ কৰি মাছখোৱা বেঙেনা গৰা মেডিকেলত ভৰ্তি কৰা আৰু উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ আদিত্য নাচিং হোমলৈ নিয়া বুলি জ্ঞাত হয় পৰিয়ালটো ৷ পৰিতাপৰ বিষয় যে মৃত্যুৰ সৈতে যুঁজি শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতে দিনৰ ১০ বজাত অতুলৰ মৃত্যু হয় ৷
পৰিয়ালৰ লোকে কৰা অভিযোগ মতে লগৰকেইজনেই ইয়াৰ বাবে জগৰীয়া কাৰণ তেওঁলোকে অতুলৰ ঘৰলৈ এবাৰো ফোন কৰা নাছিল ৷ আনহাতে গাঁওখনৰ প্ৰতিৱেশীলোকে অভিযোগ কৰা মতে লগৰকেইজনেই মাৰ পিট কৰি পেলাই দিয়ে যদিও পুনৰ সিহঁতেই চিকিৎসালয়লৈ নিয়ে ৷ ইতিমধ্যে এই হত্যাকাণ্ডৰ সন্দৰ্ভত ঘিলামৰা থানাত পৰিয়ালৰ লোকে গোচৰ দিছে ৷ ইয়াৰে এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আনকেইজন পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোক ৷ শোকৰ ছাঁ পৰিছে গাঁওখনত ৷
লগতে পঢ়ক : Man terror situation : বিদ্যালয়ৰ ভিতৰত উদণ্ড যুৱকৰ তাণ্ডৱ, ভাঙি চুৰমাৰ কৰিলে বিদ্যালয়ৰ আচবাব