Fire breakout in Chandrapur: সুৰাপানত বাধা দিয়াৰ বাবে ধাবাত অগ্নিসংযোগ

By

Published : Jul 7, 2023, 7:31 PM IST

thumbnail

গুৱাহাটী,৭ জুলাই: সুৰাপানত বাধা দিয়াই কাল হ’ল এখন ধাবাৰ । ধাবাৰগৰাকীয়ে মদ্যপান কৰাৰ বাবে বাধা প্ৰদান কৰাত খৰ্গগ্ৰস্ত হৈ পৰা ৪ যুৱকে জ্বলাই দিলে চন্দ্ৰপুৰৰ পশ্চিম মায়ংস্থিত হলং নামৰ এখন ধাবা । ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে আটক কৰে নলবাৰীৰ চাৰি যুৱকক । প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলায় চানমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা চাৰি যুৱক হৈছে ক্ৰমে অভিলাশ চৌধুৰী, কুলদ্বীপ শৰ্মা, জ্যোতিৰ্ময় কাশ্যপ, আৰু প্ৰজ্ঞান কশ্যপ ।  

অভিযোগ অনুসৰি বুধবাৰে নিশাৰ ভাগত AS-03-H-9373 নম্বৰৰ চাৰিচকীয়া বাহনখনৰে অহা চাৰি যুৱকে হলং নামৰ ধাবাত সুৰাপান কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । এই ক্ষেত্ৰত ধাবাৰ গৰাকীয়ে বাধা প্ৰদান কৰাত যুৱকৰদলটো খৰ্গহস্ত হৈ পৰে আৰু ধাবাখনৰ পৰা ওলাই যায় । নিশা ১১ বজাত ধাবাৰ গৰাকীয়ে ধাবা বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছতে সুৰাপায়ী চাৰিজনীয়া যুৱকৰ দলটো পুনৰ উভতি আহি ধাবাখনত অগ্নিসংযোগ কৰি তাৰ পৰা পলায়ন কৰে । পিছত ধাবাৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি আটাইকেইজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক: Constituency Delimitation: সৰুক্ষেত্ৰী সমষ্টি বিলুপ্তিকৰণ মানি লোৱা নোলোৱাৰ হুংকাৰ ৰাইজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.