Junmoni Rabha Death Update: চিবিআইৰ মুখ্য কাৰ্যালয়লৈ যাব DGP জি পি সিং - Junmoni Rabha Death Update
🎬 Watch Now: Feature Video
গুৱাহাটী, ১১ জুন: সোমবাৰে দিল্লীলৈ ৰাওনা হ’ব আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চি বি আইৰ মুখ্য কাৰ্যালয়লৈ গৈ আলোচনাত বহিব আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Junmoni Rabha Death Update) ৷
সংবাদমাধ্যমৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কাইলৈ দিল্লীলৈ যাব ডিজিপি সিং ৷ দিল্লীত চি বি আইৰ মুখ্য কাৰ্যালয়লৈ গৈ এই সন্দৰ্ভত আলোচনা কৰাৰ কথা সদৰী কৰে ডিজিপিগৰাকীয়ে ৷ অহা দুই এদিনত জোনমণিৰ মৃত্যুৰ ঘটনা CBI লৈ হস্তান্তৰ হ’ব বুলি জানিবলৈ দিয়ে ডিজিপিগৰাকীয়ে (DGP GP Singh to CBI headquarter) ৷
উল্লেখ্য যে, নগাঁৱৰ জখলাবন্ধাত যোৱা ১৫ মে’ৰ নিশা পথ দুৰ্ঘটনাত পতিত হৈ জোনমণিৰ ৰাভাৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছিল । জোনমণিৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছিল ৷ তাৰ পিচতে দুটাকৈ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিচতে ঘন ৰহস্যৰ মাজত সোমাই পৰিছিল সমগ্ৰ ঘটনাটো ৷
পৰিয়ালৰ লোকে দাবী কৰিছিল যে জোনমণিৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড ৷ সমগ্ৰ ঘটনাটো প্ৰথমে CID ক অৰ্পন কৰা হৈছিল যদিও পিচলৈ CBI ক তদন্ত অৰ্পণ কৰিবলৈ দল সংগঠনে দাবী কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্ত CBI লৈ হস্তান্তৰ কৰা হৈছিল ৷
লগতে পঢ়ক: SI Junmoni death case: জোনমণি ৰাভা মৃত্যুৰ ন্যায়াধীশৰ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী ১২ ৰাজনৈতিক দলৰ