নৱবৰ্ষ 2024 ৰ আজি প্ৰথমটো দিন; মালিনী থানলৈ বৈছে ভক্তৰ সোঁত - Historic Malini than

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:06 PM IST

জোনাই, ১ জানুৱাৰী  : ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন ৷  2023 বৰ্ষক বিদায় দি সকলোৱে হাঁহিমুখে আদৰণি জনাইছে 2024 ক ৷ নতুন বছৰৰ প্ৰথমটো দিনত অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিলাপথাৰৰ লিকাবালি মালিনী থানত অগনন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ।

লোকবিশ্বাস অনুসৰি, মালিনী থানত মূৰ দোৱালে ভক্তৰ মনৰ কামনা পূৰণ হয় বুলি প্ৰবাদ আছে ৷ সেই প্ৰবাদ তথা লোকবিশ্বাস অনুসৰিয়েই আজি অৰ্থাৎ সোমবাৰৰ দিনটোত লিকাবালি মালিনীথানত শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে বিভিন্ন জিলাৰ পৰা অহা ভক্তৰ লানি নিছিগা শাৰী দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, কেৱল বছৰৰ প্ৰথম দিনটো বুলিয়েই নহয় ৷ এই থানত বাৰমাহে ভক্তৰ সমাগম হয় ৷ ভক্তই এই স্থানলৈ আহি মনত শান্তি লাভ কৰে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ স্থানীয় ৰাইজৰ লগতে থানৰ পূজাৰীয়েও ৷

লগতে পঢ়ক : যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত বনভোজকাৰী দলৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.