অশোকাষ্টমী উপলক্ষে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত সমাগম হেজাৰ-হেজাৰ ভক্তৰ

🎬 Watch Now: Feature Video

thumbnail
অশোকাষ্টমী উপলক্ষে শনিবাৰে কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত সমাগম ঘটে হেজাৰ-হেজাৰ দৰ্শনাৰ্থী (Devotees gather on the banks of Brahmaputra of Silghat) ৰ ৷ ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰাৰ উদ্দেশ্য শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত ভীৰ কৰেহি ভক্তপ্ৰাণ ৰাইজে । প্ৰবাদ আছে যে, চ'ত মাহৰ অশোকাষ্টমীৰ দিনটোত পবিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজান বয় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয় বুলি এক জনবিশ্বাস আছে । সেয়েহে এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ লোকৰ সমাগম ঘটে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত । অষ্টমীৰ দিনটোৰে পৰা শিলঘাটৰ কামাখ্যা দেৱালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত সপ্তাহযোৰাকৈ অনুষ্ঠিত হৈছে বিশাল অশোকাষ্টমী মেলা(Ashokastami festival 2022) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.