Sawan Sombar: ঐতিহাসিক গোভাৰজাৰ দেওশাল শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম

By

Published : Aug 7, 2023, 10:19 AM IST

thumbnail

মৰিগাঁও, 7 আগষ্ট : শিৱ কল্পতৰু জগতৰে গুৰু । প্ৰতিকুল বতৰকো নেওচি মৰিগাঁও দেওশাল শিৱ মন্দিৰত দেৱাদিদেৱ মহাদেৱৰ আশীষ বিচাৰি ভক্ত প্ৰাণ ৰাইজৰ ভিৰ । ৰাজ্যৰ বিভিন্ন শিৱ দৌল, শিৱ মন্দিৰৰ সমান্তৰালকৈ মৰিগাঁও জাগীৰোড ঐতিহ্যমণ্ডিত গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানতো শাওণ মাহৰ পৰম্পৰাৰ অনুসৰি উদযাপন কৰা হৈছে মহাদেৱ শিৱৰ পূজা অৰ্চনা ।

প্ৰতিকুল বতৰকো নেওচি ভক্ত প্ৰাণ ৰাইজে মনোবাঞ্ছা পুৰণৰ বাবে ধূপ-দীপ, নৈবেদ্য আগবঢ়াই আৰ্শীবাদ বিচাৰিছে । বিশেষকৈ পৌৰাণিক কালৰ পৰা পৰম্পৰাগতভাৱে প্ৰচলিত এই মন্দিৰত শাওণ মাহৰ বিপৰীতে নানা ঠাইৰ পৰা আগমন হয় ভক্ত প্ৰাণ ৰাইজৰ । এই গোভাৰজাৰ দেওশাল চাৰিভাই শিৱ থানত প্ৰায় একাদশ শতিকাৰ পৰা তিৱা ভাষাতে মন্ত্ৰ পাঠ কৰা হয় ।

লগতে পঢ়ক : Shiva Puja in Shravan Month : শাওন মাহত শিৱ লিংগত কি অৰ্পণ কৰিলে লাভালাভ পোৱা যায় ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.