Devajit Saikia on Guwahati Cricket Match: ভাৰত শ্ৰীলংকা মেচৰ বাবে সম্পূৰ্ণ সাজু বৰ্ষাপাৰা ষ্টেডিয়াম - BCCI joint secretary Devajit Saika

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2023, 9:41 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

অহা ১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ (India Srilanka one day match in Guwahati) ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই দিবা-নৈশ এদিনীয়া মেচখনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অসম ক্ৰিকেট সন্থাই (Assam Cricket Association) । আনহাতে, মেচখনৰ প্ৰস্তুতি সন্দৰ্ভত বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰি প্ৰস্তুতি প্ৰক্ৰিয়াৰ বুজ লয় বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই (BCCI joint secretary Devajit Saika) । ষ্টেডিয়ামটো পৰিদৰ্শনৰ অন্তত বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ মেচখনত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যব্যৱস্থাত সন্তুষ্ট বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে (Devajit Saika comments on Guwahati cricket match) । তাৰ উপৰি মেচখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসমূহ বিভাগ বিভিন্ন দায়িত্বত নিয়োজিত হৈ আছে উক্ত বিভাগসমূহেও কামবোৰ নিয়াৰিকৈ চলাই নিয়া বুলি তেওঁ সদৰী কৰে । লগতে এই মেচখনৰ সফল আয়োজনৰ দ্বাৰা আগন্তুক এদিনীয়া বিশ্বকাপৰ তিনি-চাৰিখন মেচ গুৱাহাটীত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সবল দাবী উত্থাপন কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.