thumbnail

By

Published : Apr 20, 2023, 8:16 PM IST

ETV Bharat / Videos

Boka Bihu in Dhemaji : বোকা বিহুৰ আনন্দত মতলীয়া হ’ল ধেমাজিৰ দেউৰী জনগোষ্ঠীয় লোকসকল

ধেমাজি, 20 এপ্ৰিল : আজি বোকা বিহু (Boka Bihu in Dhemaji) ৷ আজি ব’হাগৰ ষষ্ঠটো দিন ৷ গৰু বিহুৰ পৰা আৰম্ভ হোৱা এই সাত বিহু সামৰণি পৰে চেৰা বিহুত ৷ সম্প্ৰতি ৰঙালীৰ ৰঙৰে উপচি পৰিছে ৰাজ্য ৷ এই চেৰা বিহুক কোনো কোনো ঠাইত বোকা বিহু বুলিও কোৱা হয় ৷

সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ দিনাৰে পৰা ৰাজ্যত আৰম্ভ হয় ৰঙালী বিহু ৷ অৱশ্যে 31 ব’হাগলৈ ৰাজ্যত বিহু সন্মিলনে ধৰি ৰাখে ৰঙালীৰ আনন্দ ৷ পিছে এই সাত বিহুৰ অন্ত পৰা সময়তে পহিলা বুধবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীলোকসকলৰ ৰঙালী বিহু (Deori Bihu celebrates in Dhemaji ) ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি বৰদলনি বামচেনিয়া দেউৰী জনগোষ্ঠীৰ গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে (Deori Bihu in Dhemaji )৷ জনগোষ্ঠীৰ নিয়ম অনুসৰি প্ৰথমে পূজাৰীৰ ঘৰত বিহু আৰম্ভ কৰাৰ পিচত উৰে নিশা বিহু মাৰি পুনৰ বৃহস্পতিবাৰে জনগোষ্ঠীটোৰ ডেকা গাভৰুসকলে পূজাৰী ঘৰত পৰম্পৰা অনুসৰি বোকা বিহু মাৰে ৷

তাৰ পাচত সকলোৱে পূজাৰীৰ পৰা আশীৰ্বাদ লয় ৷ আজি ধেমাজি বামচেনিয়া দেউৰী গাঁৱত জনগোষ্ঠী জীয়ৰী বোৱাৰীসকলে বোকাৰে লুতুৰি পুতুৰি হৈ জাত জাত নাম গাই আনন্দ উল্লাস কৰে ৷ পৰম্পৰা অনুসৰি, প্ৰতিবছৰে পালন কৰি অহা হয় বোকা বিহু ৷

লোকবিশ্বাস মতে, আজিৰ দিনটোত শৰীৰত বোকা লেপন কৰিলে বিভিন্ন ৰোগৰ পৰা নিৰাময় লাভ কৰে । প্ৰাচীন কালৰে পৰা পালন কৰি অহা এই বোকাবিহু ধেমাজি বৰদলনি বামচেনিয়া দেউৰী জনগোষ্ঠীৰ গাঁৱৰ লগতে আৰু ৰাজ্য বহুকেইখন গাঁৱত পালন কৰি অহা হৈছে ।

লগতে পঢ়ক : Sayed Sadyllah Recived Aai Asomi Award: যশস্বী গীতিকাৰ ছৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাৰ আই অসমী বঁটা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.