thumbnail

By

Published : Apr 5, 2023, 6:31 PM IST

ETV Bharat / Videos

Child adoption: ডেনমাৰ্কৰ মহিলাই সন্তানৰূপে গ্ৰহণ কৰিলে অসমৰ দেৱশিশু

ডিফু, ৪ এপ্ৰিল: কাৰ্বি আংলং জিলাৰ ধনশিৰিত থকা মিছন কনচাৰ্ণ নামৰ অনাথ আশ্ৰমৰ পৰা ডেৰ বছৰীয়া শিশু এটিক মঙলবাৰে ডেনমাৰ্কৰ আঞ্জা নেলহ'ম নেলচন নামৰ মহিলাগৰাকীয়ে সন্তান হিচাপে গ্ৰহণ কৰে (Denmark Woman adopted child from Assam) ৷ উল্লেখ্য় যে জন্মতে ওঁঠ ফটা, কম ওজন আৰু এখন হাতৰ সমস্যা থকা শিশুটোক হৃদয়হীন অভিভাৱকে পথৰ কাষত পেলাই দিছিল ৷ এই শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰি জিলা শিশু কল্যাণ পৰিষদক গতাই দিয়াৰ পিচতে আশ্ৰয়গৃহ হৈ পৰে ধনশিৰিৰ শিশুগৃহ  ৷  

ডেনমাৰ্কৰ আঞ্জাই কয় যে, এটি সন্তানৰ বাবে তেওঁ পাঁচ বছৰ অপেক্ষা কৰিছে ৷ উল্লেখ্য় যে, এই শিশুগৃহৰ পৰা ইয়াৰ পূৰ্বে বিদেশলৈ তিনি গৰাকী কন্যা শিশুক দত্তক দিয়া হৈছে ৷ ধনশিৰিৰ অনাথ আশ্ৰমৰ সকলো শিশুৰে মাতৃ অম্বিকা থাপাই সংবাদ মাধ্যমৰ আগত কয় যে, শাৰীৰিকভাৱে দুৰ্বল  শিশুক ভাৰতীয় পিতৃ-মাতৃয়ে সন্তান হিচাপে নিবিচাৰে (An orphanage in Dhansiri) ৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত কে জেমি, প্ৰশাসনৰ তৰফৰ পৰা এই বিদায় অনুষ্ঠানত উপস্থিত থাকি মানৱ সেৱা কৰাৰ বাবে অম্বিকা থাপা আৰু শিশুগৃহ সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:IPL 2023 RR vs PK: ডাৱৰীয়া বতৰে বিঘিনি জন্মাব পাৰে বৰ্ষাপাৰাত হ’বলগীয়া আই পি এল মেচত !

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.