Encounter at Demow: ‘আহত ৰাজু আহমেদৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত’ এএমচিএচৰ অধীক্ষক - আহত ৰাজু আহমেদৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,16 আগষ্ট: শিৱসাগৰৰ ডিমৌত সংঘটিত এনকাউণ্টাৰত আহত আলফা স্বাধীনৰ লিংকমেন ৰাজু আহমেদৰ সন্দৰ্ভত মুখ খুলিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷ সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত তেওঁ কয়, ‘‘ৰাজু আহমেদৰ বাঁও ভৰিৰ আঁঠুৰ তলত গুলী লাগি ওলাই গৈছে ৷ বৰ্তমান ৰাজু আহমেদৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত ৷ চিকিৎসকে পৰামৰ্শ দিলে অস্ত্ৰোপচাৰ কৰাৰ প্ৰয়োজনীয়তা আহিব পাৰে ৷’’
উল্লেখ্য যে মঙলবাৰে নিশা ডিমৌৰ ভেকেলাইৰ এটা নিৰ্জন পথত ৰাজু আহমেদলৈ লক্ষ্য কৰি গুলী কৰিছিল আৰক্ষীয়ে । আহত আলফাৰ লিংক মেন ৰাজু আহমেদক এ এম চি এচত ভৰ্তি কৰোৱা হৈছিল ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও স্পষ্টীকৰণ প্ৰকাশ কৰা নাই ৷
শেহতীয়াকৈ উজনিত অসমত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে আলফা স্বাধীন । ৰাজ্য চৰকাৰৰ কঠোৰ সকীয়নিৰ পাচতো ৰাজ্যত পুনৰ আলফাই আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । উজনিৰ একাংশ ব্যৱসায়ীক আলফা (স্বা)ৰ ধন দাবী আৰু আলফা (স্বা)ত যোগদান পৰ্ব অব্যাহত আছে বুলি চৰ্চা চলি থকাৰ সময়তে শিৱসাগৰৰ ডিমৌত নিশা সংঘটিত হ'ল এনকাউণ্টাৰ ঘটনা ৷
লগতে পঢ়ক:Encounter at Demow: ডিমৌত এনকাউন্টাৰ, আৰক্ষীৰ গুলীত গুলীবিদ্ধ আলফা স্বাধীনৰ লিংক মেন