আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী - Ali Aye Ligang Controversy
🎬 Watch Now: Feature Video


Published : Nov 18, 2023, 4:24 PM IST
ধেমাজি,১৮ নৱেম্বৰ: অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ প্ৰধান উৎসৱ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা নকৰাক লৈ ৰাজ্যজুৰি মিচিং জাতীয় দল-সংগঠন আৰু সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্ত অনুসৰি আলি-আয়ে-লৃগাঙত দহখন জিলাহে বন্ধ থাকিব ৷
খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৰম্পৰাগত উৎসৱক লৈ এনেদৰে চৰকাৰে হঠকাৰী সিদ্ধান্ত লোৱা কাৰ্যত পুনৰ তুমুল প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ আৰম্ভ হৈছে ৷ এইক্ষেত্ৰত ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মিচিং জনগোষ্ঠীৰ সচেতন নাগৰিক ডিম্বেশ্বৰ দলেই ৷ জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদত শাসনত অধিষ্ঠিত হৈ বৰ্তমান শিক্ষামন্ত্ৰী হোৱা ডাঃ ৰণোজ পেগু থকা সময়তে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে ধেমাজিৰ সচেতন নাগৰিকগৰাকীয়ে ৷
লগতে পঢ়ক: ধেমাজিত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত
TAGGED:
Ali Aye Ligang Controversy