thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:50 PM IST

ETV Bharat / Videos

Demand for punishment for teacher: ছাত্ৰীৰ আত্মহত্যাৰে নাম সাঙোৰ খোৱা শিক্ষকক শাস্তি প্ৰদানৰ দাবী

যোৰহাট,৪ নৱেম্বৰ: মৰিয়নিৰ এগৰাকী ছাত্রীৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খোৱা শিক্ষকক উপযুক্ত শাস্তিৰ দাবী আদিবাসী ছাত্র সন্থাৰ । দুৰ্গা পূজাৰ দশমীৰ দিনা মৰিয়নি জংঘল ব্লকৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্রীয়ে আত্মহত্যা কৰিছিল । এই আত্মহত্যাৰ ঘটনাত এজন শিক্ষকৰ নাম সাঙোৰ খাই পৰিছিল । লগতে ছাত্ৰীগৰাকীক শিক্ষকজনে শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰো গুৰুত্ব অভিযোগ উত্থাপিত হৈছিল ।  

তাৰ পিছতে পৰিয়ালৰ লোকে শিক্ষকজনৰ বিৰুদ্ধে মৰিয়নি থানাত এক গোচৰ ৰজু কৰিছিল । বহু দিন উকলি যোৱাৰ পিছতো শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত সোচ্চাৰ হৈ পৰিছে আদিবাসী ছাত্র সন্থা । শনিবাৰে যোৰহাটত প্ৰেছ ক্লাৱত এই ঘটনা সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰি আদিবাসী মহিলা ছাত্র-সংগঠন যোৰহাট জিলা সমিতিৰ সম্পাদিকা ছোনিয়া তাঁতীয়ে কয় যে শিক্ষকজন যদি অপৰাধী নহয় তেনেহলে কি কাৰণত তেওঁ পলায়ন কৰিছে ।  

উক্ত ঘটনা সম্পৰ্কে যোৰহাট জিলা আয়ুক্তক অৱগত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল কিন্তু কোনো ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । আনহাতে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি বুধোৱা ওৰাঙে কয় যে ছাত্রীগৰাকীক যদি প্ৰশাসনে ন্যায় প্ৰদান নকৰে তেন্তে গনতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: Mid Day Meal Workers hold Protest: হিমন্ত মামাৰ ঘৈণীয়েকৰ চাবোন এডোখৰৰ দাম এহেজাৰ টকা নহয় !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.