Dergaon Youth Suicide Case: অজয় দত্তৰ আত্মহত্যাৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী মাতৃৰ - আত্মহত্যাৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী
🎬 Watch Now: Feature Video
Published : Oct 27, 2023, 8:29 PM IST
|Updated : Oct 27, 2023, 9:35 PM IST
যোৰহাট, ২৭ অক্টোবৰ: বিজয়া দশমীৰ দিনা পূজাৰ মেলালৈ আহোতে বিয়লি ৪ বজাত পথৰ মাজত এক কাজিয়াৰ সুত্ৰপাত হৈছিল । এই সংক্ৰান্তত সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ অজয় দত্তক বিনাদোষত আৰক্ষীয়ে থানাত শাৰীৰিক-মানসিক অত্যাচাৰ চলাই দুঘন্টা পিছত ঘৰৰ মানুহক অৱগত নকৰাকৈ মুকলি কৰি দিয়ে । আৰক্ষীৰ হাতত লাঞ্চিত হৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰাৰ লগতে সহপাঠী সকলকো বিৱৰণ বাৰ্তা দি অজয় দত্তই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় । ইয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । পুত্ৰক হেৰুৱাই কান্দি কান্দি ঘৰতে দিন পাৰ কৰা মাতৃয়ে কয়,"মোৰ পুত্ৰৰ মৃত্যুত জড়িত দোষীক শাস্তি দিয়ক ।"
আনহাতে, এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা মতে বিনাদোষত অজয় দত্তক বন্ধ গাড়ীত আৱদ্ধ কৰি থোৱা দেখি বাৰম্বাৰ আৰক্ষী চালক জনক মুকলি কৰিবলৈ দিবলৈ অনুৰোধ জনাইছিল । চালকজনে প্ৰত্যক্ষদৰ্শী যুৱতী গৰাকীক উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে । যদি তাৰ পৰা আঁতৰি নাযায় তেতিয়াহ'লে শীৰ্ষ আৰক্ষীয়ে তেওঁক অপমান কৰিব পাৰে বুলিও সতৰ্ক কৰি দিয়ে ।