Delimitation of BKKAC constituencies: বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ সমষ্টি গঠন প্ৰক্ৰিয়া আৰম্ভ

🎬 Watch Now: Feature Video

thumbnail

জোনাই, ৪ মে: তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত বিটিএডিৰ বাহিৰৰ বাইশখন জিলাক সামৰি গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে (Bodo Kasari Kalyan Autonomous Council)। বিটিআৰৰ বাহিৰৰ বড়ো সকলৰ আৰ্থ সামাজিক দিশত উন্নয়ন আৰু শক্তিশালী কৰাৰ বাবে গঠন কৰা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ তথা পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কতৃৰ্পক্ষই এই সন্দৰ্ভত  যোৱা ২ মে'ত এক জাননী জাৰি কৰিছে (Delimitation of constituencies of BKKAC) ৷

এই জাননী অনুসৰি  ৪ মে'ত এই সংক্ৰান্তীয় খচৰা তালিকা প্ৰকাশ কৰা হ'ব ৷ অহা ১২ মে'ৰ ভিতৰত ৰাইজে ওজৰ আপত্তি দাখিল কৰিব পাৰিব । ইপিনে, অহা ২০ মে'ত ওজৰ আপত্তি সমূহ মীমাংসা কৰা হ'ব ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিষদৰ পৰা কেতবোৰ গাঁও কৰ্তন আৰু নতুনকৈ কেতবোৰ গাঁও অৰ্ন্তভুক্ত কৰা হ'ব ৷ কেইবাখনো জিলা সামৰি ৩৬ টা সমষ্টি গঠন কৰা হ’ব ৷

ৰাজ্য চৰকাৰ এই পদক্ষেপক উষ্ম আদৰণি জনাইছে ইউনাইটেড বড়ো পিপ'লচ অৰ্গেনাইজেচনে (United Bodo Peoples Organization) ৷ UBPO ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে অনতি পলমে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক আন আন স্বায়ত্ত্ব পৰিষদৰ দৰে কাৰ্যক্ষম কৰি তোলাৰ লগতে আৰ্থিক অনুদান আগবঢ়াবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Heavy storm in Assam: খোৱাঙত ধুমুহাত মৃত্যু হোৱা লোকৰ পৰিয়ালক চেক প্ৰদান

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.