চামগুৰিত নিৰ্বাচনী কুৰুক্ষেত্ৰ; কংগ্ৰেছ-বিজেপিৰ সমৰ্থকৰ মাজত তীব্ৰ উত্তেজনা
🎬 Watch Now: Feature Video
Published : Nov 10, 2024, 6:59 PM IST
নগাঁও: ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত আছে মাথোঁ দুদিন । ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ কাৰ্যৰ লগতে নিৰ্বাচনী হিংসাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ । এই পাঁচটা সমষ্টিৰ ভিতৰত বিশেষ কৈ চামগুৰি সমষ্টিত সৰ্বাধিক নিৰ্বাচনী হিংসা সংঘটিত হৈছে । শাসকীয় পক্ষৰ নেতা-মন্ত্ৰীৰ লগতে বিৰোধীৰ নেতাই এই সমষ্টিটোত তীব্ৰ প্ৰচাৰ চলাই থকাৰ মাজতেই আজি চামগুৰি আৰক্ষী থানাৰ সন্মুখত কংগ্ৰেছ-বিজেপি সমৰ্থকৰ ক্ষমতা প্ৰদৰ্শনৰ চেষ্টা ।
ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে চামগুৰি সমষ্টিৰ নিৰ্বাচনী পৰিৱেশে । দেওবাৰে চামগুৰি আৰক্ষী থানাৰ সন্মুখত কংগ্ৰেছ-বিজেপিৰ সদস্যৰ 'জিন্দাবাদ/মুর্দাবাদ' ধ্বনিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতেই বিজেপি কৰ্মীয়ে 'মুর্দাবাদ' ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ । ইয়াৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধেও 'মুর্দাবাদ' ধ্বনি দিয়ে কংগ্ৰেছ কৰ্মীসকলে ।