ETV Bharat / entertainment

দৰ্শকৰ ওচৰ আহি পোৱাৰ আগতেই সলনি হ’ল তাৰিখ - ASSAMESE MOVIE TAARIKH

নিঃসংগতাই এগৰাকী ব্যক্তিক কি পৰ্যায়লৈ লৈ যাব পাৰে, অনুভৱ কৰিব পাৰিব ‘তাৰিখ’ চায় ৷ পিছে তাৰিখৰ তাৰিখ সলনি হৈছে ৷ সবিশেষ আগলৈ -

upcoming assamese movie taarikh director changes its release date because of pushpa 2 world wide release
দ্বিতীয়খন পূৰ্ণদৈঘ্য ছবি ‘তাৰিখ’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 11, 2024, 11:36 AM IST

গুৱাহাটী : অহা 6 ডিচেম্বৰত ছবিগৃহলৈ আহিব বহু প্ৰত্যাশিত ছবি ‘‘পুষ্পা 2’’ । তেলুগু, হিন্দীকে লগতে আন চাৰিটা ভাষাত মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ‘পুষ্পা 2’ ছবিখনৰ বাবে সলনি কৰা হৈছে এখন অসমীয়া ছবিৰ তাৰিখ ৷ অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন নাম ‘তাৰিখ’ ৷

ছবিখনে 6 ডিচেম্বৰ তাৰিখে মুক্তিলাভ কৰাৰ কথা আছিল । ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে জনোৱা অনুসৰি বিগ বাজেটৰ ছবি ‘‘পুষ্পা 2’’ৰ মুক্তিৰ দিনৰ সৈতে অসমীয়া ছবি ‘তাৰিখ’ৰ মুক্তি একেদিনাই পৰাৰ বাবে ‘তাৰিখ’ৰ মুক্তিৰ দিন সলনি কৰা হৈছে ।

তাৰিখৰ কাহিনীৰ আধাৰ কি ?

অসমীয়া ছবি ‘কেলেণ্ডাৰ’ৰ সফলতাৰ পাছত পৰিচালক হিমজ্যোতি তালুকদাৰ পৰিচালিত দ্বিতীয়খন পূৰ্ণদৈঘ্য ছবি ‘তাৰিখ’ ৷ প্ৰায় 6 টা বছৰৰ বিৰতিৰ পিছত হিমজ্যোতি তালুকদাৰে পৰিচালনা কৰিছে এই ছবিখন ৷

upcoming assamese movie taarikh director changes its release date because of pushpa 2 world wide release
বিশিষ্ট অভিনেতা অৰুণ নাথ (ETV Bharat Assam)

দ্বিতীয়খন ছবি ‘তাৰিখ’ৰ কাহিনীৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “তাৰিখৰ মূল কাহিনীটো হৈছে এগৰাকী পিতৃক কেন্দ্ৰ কৰি । দেউতাকে নিজৰ সন্তানটিক এটা খুব নৃশংস ঘটনাত হেৰুৱাই পেলায় ৷ তাৰ পিছতে তেওঁ খুব অকলশৰীয়া হৈ পৰে । সেই সময়ছোৱাত তেওঁ নিজৰ অস্তিত্ব বিচাৰি হাবাথুৰি খাই থাকে । মূলতঃ ছবিখনত এগৰাকী বয়োজ্যেষ্ঠ নাগৰিকৰ নিসংগতা অলপ দেখুৱাবলৈ চেষ্টা কৰিছো । পৰিয়ালৰ মৰম যেতিয়া নোহোৱা হৈ যায় তেতিয়া সেই বয়োজ্যেষ্ঠ মানুহজনৰ মানসিকস্থিতিটো কেনেকুৱা হয় বা এই অকলশৰীয়া অনুভৱে তেওঁক কোনটো পৰ্যায়লৈ লৈ যাব পাৰে সেইটোৱে আমি ছবিখনৰ জৰিয়তে দৰ্শকক দেখুৱাবলৈ বিচাৰিছো । লগতে তাৰ উপায় বা তাৰ সমাধান কি বা কিহৰ কাৰণে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, এনেকুৱা কিছু কথা সামৰিয়ে আমি ছবিখন নিৰ্মাণ কৰিছো ।”

এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অভিনেতা বলোৰাম দাসে । তেওঁলোকৰ লগতে ছবিখনত আন আন চৰিত্ৰ অভিনয় কৰিছে স্বাগতা ভৰালী, কুলদীপ,জয়ন্ত দাস, সঞ্জীৱ শৰ্মাৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপৰ । চিত্ৰগ্ৰহণ অনিৰুদ্ধ বৰুৱাৰ । শব্দ গ্ৰহণ দেৱজিৎ গায়নৰ । ছবিখন সম্পাদনা কৰিছে উদীপ্ত কুমাৰ ভট্টচাৰ্যই । ছবিখনৰ সংগীত সংযোজন তৰালি শৰ্মাৰ । ইফালে আগন্তুক বৰ্ষৰ আৰম্ভণিতে ছবিখনে মুক্তি লাভ কৰাৰ আশা আছে বুলি জনাই ছবিখনৰ পৰিচালকগৰাকীয়ে ।

লগতে পঢ়ক : এইবৰ্ষৰ ৰাসত কোন হ’ব কৃষ্ণৰ মাতৃ আৰু কোন হ’ব প্ৰেমিকা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.