ETV Bharat / sports

টেষ্ট মেচৰ প্ৰথম অভাৰতে হেটট্ৰিক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী কোন ? - RECORDS IN TEST CRICKET 2006

Records in cricket history: ক্ৰিকেট ইতিহাসত লিপিবদ্ধ অভিলেখসমূহ সদায়ে সুকীয়া আৰু একক ৷ আপুনি জানেনে টেষ্ট ক্ৰিকেটৰ প্ৰথম অভাৰতে হেটট্ৰিক অৰ্জনকাৰী খেলুৱৈগৰাকী কোন ?

RECORDS IN TEST CRICKET 2006
ইৰফান পাঠান (Getty Images)
author img

By ETV Bharat Sports Team

Published : Nov 11, 2024, 11:06 AM IST

স্প’ৰ্টছ ডেস্ক: এসময়ত দেশৰ প্ৰতিগৰাকী যুৱতীৰে হৃদয়ত কঁপনি তোলা টীম ইণ্ডিয়াৰ এগৰাকী প্ৰাক্তন সদস্য হৈছে ইৰফান পাঠান ৷ ইৰফান পাঠান এগৰাকী প্ৰাক্তন ভাৰতীয় বলাৰ(পেচাৰ) ৰ লগতে সাম্প্ৰতিক সময়ৰ ক্ৰিকেট ভাষ্যকাৰ আৰু বিশ্লেষক ৷

পাঠান আছিল এগৰাকী বলিং অলৰাউণ্ডাৰ আৰু ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য ৷ যিগৰাকীয়ে 2007 চনত আই চি চি টুৱেণ্টি-20 বিশ্বকাপ আৰু 2013 চনত আই চি চি চেম্পিয়নছ ট্ৰফী বিজয়ত দলৰ হৈ আগবঢ়াইছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷

RECORDS IN TEST CRICKET 2006
ইৰফান পাঠান (Getty Images)

1984 চনৰ গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰা ইৰফান পাঠানে ক্ৰিকেট কেৰিয়াৰত কেইবাটাও গুৰুত্বপূৰ্ণ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷ আজিৰ প্ৰতিবেদনত ভাৰতীয় অলৰাউণ্ডাৰগৰাকীৰ তেনে এক অভিলেখৰ বিষয়ে আমি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছো ৷

ভাৰতৰ হৈ টেষ্ট মেচৰ প্ৰথম অভাৰত 3 টা উইকেট

2006 চনৰ 29 জানুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত তিনিখন টেষ্ট মেচৰ শৃংখলাত ইৰফান পাঠানে স্থাপন কৰে অনন্য অভিলেখ ৷ কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টেষ্ট মেচত এই কৃতিত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় বলাৰগৰাকী ৷

যাৰ বাবে সদায়ে টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা স্মৰণীয় নাম হৈ ৰ’ব ইৰফান পাঠান ৷ পাকিস্তানৰ হৈ ক্ৰিজত বেটিং কৰিবলৈ অহা চলমান বাট, ইউনিছ খান আৰু মহম্মদ ইউছুফক আউট কৰি হেটট্ৰিক অৰ্জন কৰে পাঠানে ৷

RECORDS IN TEST CRICKET 2006
ইৰফান পাঠান (Getty Images)

মেচৰ প্ৰথমটো অভাৰৰ প্ৰথম তিনিটা বলতে তিনিগৰাকীকৈ গুৰুত্বপূৰ্ণ বেটছমেনক বিদায় দিয়া প্ৰথমগৰাকী ভাৰতীয় বলাৰত পৰিণত হয় ইৰফান পাঠান ৷ বহু প্ৰত্যাশাৰে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এই টেষ্ট মেচত অৱতীৰ্ণ হৈছিল ৷ পাঠানে নিজৰ সামৰ্থ বুজি পাইছিল আৰু সেই অনুযায়ী বলিং কৰি গৈছিল ৷ এই টেষ্ট মেচখনত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ভাৰত ৷

RECORDS IN TEST CRICKET 2006
ইৰফান পাঠান (Getty Images)

হেটট্ৰিক অৰ্জনকাৰী ভাৰতীয় বলাৰৰ কথা ক’বলৈ হ’লে প্ৰথমে নাম ল’ব লাগিব হৰভজন সিঙৰ ৷ যি তালিকাৰ দ্বিতীয় স্থানত আছে ইৰফান পাঠান ৷ কিন্তু এখন খেলৰ প্ৰথমটো অভাৰতে হেটট্ৰিক অৰ্জন কৰা বলাৰ হিচাপে পাঠানৰ অভিলেখ ক্ৰিকেট ইতিহাসত সদায়ে অনন্য হৈ থাকিব ৷

লগতে পঢ়ক: ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ৰাণ আউট হোৱা খেলুৱৈসকল... তালিকাৰ শীৰ্ষত ৰাহুল দ্ৰাবিড়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.