নতুন দিল্লী : সোমবাৰে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি দিয়া হয় ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা হৈছে যে ১৯ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকাল আৰম্ভ হ’ব ৷
ইফালে সোমবাৰে জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ পাচতে কংগ্ৰেছে কয় খৰখেদাকৈ এই সিদ্ধান্ত লোৱা হৈছে ৷ এই সিদ্ধান্তই এয়াই প্ৰতিপন্ন কৰিছে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ তদন্তৰ পৰা আঁতৰি স্পষ্ট নিৰ্দেশ ওলোৱাৰ পূৰ্বেই নিযুক্তি দিবলৈ আগ্ৰহী বুলি ৷
In a hasty midnight move, the Government has notified the appointment of the new Central Election Commissioner. This goes against the spirit of our Constitution, and what has been reiterated by the Supreme Court in many cases - for the electoral process to have sanctity, the CEC… https://t.co/tCdF8nPd3W
— K C Venugopal (@kcvenugopalmp) February 17, 2025
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয়, ‘‘চৰকাৰে খৰখেদাকৈ মাজনিশা নতুন মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দি অধিসূচনা জাৰি কৰিছে ৷’’
X-ৰ এটা পোষ্টত ভেনুগোপালে কয়, ‘‘এয়া আমাৰ সংবিধানৰ মনোভাৱৰ বিৰুদ্ধে আৰু যিটো বহু ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে পুনৰাবৃত্তি কৰিছে -- নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পবিত্ৰতা থাকিবলৈ হ’লে মুখ্য নিৰ্বাচন আয়ুক্তজন নিৰপেক্ষ অংশীদাৰ হ’ব লাগিব ।’’
তেওঁ কয়, ‘‘নিৰ্বাচন আয়ুক্ত নিযুক্তি সম্পৰ্কীয় সংশোধিত আইনখনে ভাৰতৰ মুখ্য ন্যায়াধীশক মুখ্য নিৰ্বাচন আয়ুক্ত বাছনি পেনেলৰ পৰা অপসাৰণ কৰিছে আৰু চৰকাৰে বিষয়াগৰাকীক নিৰ্বাচন কৰাৰ পূৰ্বে বুধবাৰে (১৯ ফেব্ৰুৱাৰী) গোচৰটো উচ্চতম ন্যায়ালয়ৰ শুনানিলৈ অপেক্ষা কৰাটো উচিত আছিল ৷’’
मोदी सरकार मुख्य चुनाव आयुक्त के चयन के लिए 2023 में जो नया कानून- The Chief Election Commissioner And Other Election Commissioners Act लेकर आई है, इसे सुप्रीम कोर्ट में चुनौती दी गई है।
— Congress (@INCIndia) February 17, 2025
अभी तक सुप्रीम कोर्ट ने इसे लेकर 3 आर्डर पास किए हैं और अगली सुनवाई 19 फरवरी के आस पास होनी… pic.twitter.com/wc0E9sgVuE
"আজি খৰখেদাকৈ বৈঠক অনুষ্ঠিত কৰি নতুন মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়াৰ সিদ্ধান্তই দেখুৱাইছে যে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ তদন্তক আওকাণ কৰি স্পষ্ট আদেশ আৰম্ভ হোৱাৰ আগতেই নিযুক্তি সম্পন্ন কৰিবলৈ আগ্ৰহী ।" তেওঁ কয় ৷
ভেনুগোপালে কয়, "এনে উগ্ৰ আচৰণে শাসকীয় শাসন ব্যৱস্থাই কেনেকৈ নিৰ্বাচনী প্ৰক্ৰিয়াক উফৰাই পেলাইছে আৰু নিয়মবোৰ নিজৰ সুবিধাৰ বাবে পেচ খাইছে সেই সম্পৰ্কে বহুতে প্ৰকাশ কৰা সন্দেহকহে নিশ্চিত কৰে । সেয়া ভুৱা ভোটাৰ তালিকাই হওক, বিজেপিৰ অনুকূল কাৰ্যসূচী হওক বা ইভিএম হেকিঙৰ উদ্বেগ হওক - চৰকাৰ আৰু ইয়াৰ দ্বাৰা নিযুক্তি দিয়া মুখ্য নিৰ্বাচনী আয়ুক্তক এনে কাণ্ডৰ বাবে গভীৰ সন্দেহৰ আৱৰ্তত আছে ।"
তেওঁ আৰু কয়, ‘‘লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সঠিকভাৱে আঙুলিয়াই দিয়াৰ দৰে উচ্চতম ন্যায়ালয়ে সংবিধানৰ সৈতে সংগতি ৰাখি বিষয়টো সিদ্ধান্ত লোৱালৈকে এই সিদ্ধান্ত স্থগিত ৰখা উচিত আছিল ।’’