ETV Bharat / bharat

উত্তৰ প্ৰদেশত বাবা ছিদ্দিকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ - BABA SIDDIQUE MURDER

Baba Siddique murder accused: গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নিৰ্দেশতে হৈছিল বাবা ছিদ্দিকীৰ হত্যা । হত্যাৰ বিনিময়ত শ্বুটাৰক কিমান টকা দিয়া হৈছিল ।

Baba Siddique murder
উত্তৰ প্ৰদেশত বাবা ছিদ্দিকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ (ANI)
author img

By ANI

Published : Nov 11, 2024, 10:00 AM IST

লক্ষ্ণৌ : বাবা ছিদ্দিকী হত্যাকাণ্ডৰ তদন্তত আৰক্ষীৰ বৃহৎ সফলতা । উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ'ৰ্চৰ (এছটিএফ) সৈতে এক যুটীয়া অভিযানত মুম্বাই অপৰাধ শাখাৰ এটা দলে দেওবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ নানপাৰাৰ পৰা শ্বুটাৰ আৰু আন ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উত্তৰ প্ৰদেশৰ এছটিএফৰ মতে শিৱ কুমাৰ নামৰ মূল অভিযুক্তজনক নেপাললৈ পলায়ন কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হয় । সম্প্ৰতি আটাইকেইজন অভিযুক্তক মুম্বাইলৈ লৈ যোৱা হৈছে ।

বাবা ছিদ্দিকীৰ শ্বুটাৰ গ্ৰেপ্তাৰ

৬ গৰাকী বিষয়া আৰু ১৫ গৰাকী কৰ্মচাৰীক লৈ এটা দলে অভিযানটো চলাইছিল । শিৱ কুমাৰৰ উপৰিও আন ৪ অভিযুক্ত হৈছে অনুৰাগ কাশ্যপ, জ্ঞান প্ৰকাশ ত্ৰিপাঠী, আকাশ শ্ৰীবাস্তৱ আৰু অখিলেন্দ্ৰ প্ৰতাপ সিং । এই লোকসকলে শিৱ কুমাৰৰ পলায়নত সহায় কৰাৰ লগতে তেওঁক আশ্ৰয় দিছিল । লগতে নেপাললৈ পলাই যোৱাৰ প্ৰচেষ্টাত তেওঁক সহায় কৰিছিল বুলি অভিযোগ কৰা হৈছে ।

উত্তৰ প্ৰদেশ এছটিএফৰ এক বিবৃতি অনুসৰি হত্যাকাণ্ডটোৰ সৈতে জড়িত শ্বুটাৰে স্বীকাৰ কৰিছে যে বৰ্তমান কাৰাগাৰত বন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল ।

খবৰ অনুসৰি শ্বুটাৰে শুভম লোংকাৰ আৰু মহম্মদ য়াছিন আখটাৰৰ পৰা লজিষ্টিক সমৰ্থন লাভ কৰাৰ কথা স্বীকাৰ কৰিছে । ইফালে মূল অভিযুক্তই লগতে স্বীকাৰ কৰিছে যে তেওঁ এটা ছ'চিয়েল মিডিয়া এপৰ জৰিয়তে লৰেন্স বিষ্ণৈৰ কনিষ্ঠ ভাতৃ আনমোলৰ সৈতে কেইবাবাৰো কথা পাতিছিল ।

হত্যাৰ বিনিময়ত শ্বুটাৰক ১০ লাখ টকা

অভিযুক্তই এছটিএফক দিয়া বিবৃতিত কয়, "বাবা ছিদ্দিকীৰ হত্যাৰ বিনিময়ত মোক কোৱা হৈছিল যে হত্যাৰ পিছত আপুনি ১০ লাখ টকা পাব আৰু আপুনি প্ৰতি মাহে কিবা এটা লাভ কৰি থাকিব । শুভম লোংকাৰ আৰু য়াছিন আখটাৰে আমাক হত্যাৰ বাবে অস্ত্ৰ, কাৰ্ট্ৰিজ, ছিম আৰু মোবাইল ফোন দিছিল । হত্যাৰ পিছত তিনিজন শ্বুটাৰক ইজনে সিজনৰ সৈতে কথা পাতিবলৈ নতুন চিম আৰু মোবাইল ফোন দিয়া হৈছিল । কেইবাদিনো ধৰি আমি মুম্বাইত বাবা ছিদ্দিকীক হত্যাৰ পৰিকল্পনা কৰি আছিলো আৰু ১২ অক্টোবৰৰ নিশা সঠিক সময় পোৱাৰ পিছত আমি বাবা ছিদ্দিকীক হত্যা কৰিছিলো ।"

লগতে পঢ়ক :বাবা ছিদ্দিকীৰ শ্বুটাৰৰ ফোনত পুত্ৰৰ ফটো উদ্ধাৰ; উদ্বেগজনক স্নেপচাটৰ তথ্য প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.