ETV Bharat / health

দিনক দিনে বৃদ্ধি পাইছে মহৰ উপদ্ৰৱ: চিকিৎসকৰ পৰা জানি লওক পৰিত্ৰাণৰ উপায়

অসমত এতিয়া ডেংগুত বহুলোক আক্ৰান্ত হৈছে সেয়ে এনে সময়ত ইয়াৰ পৰা বাচি থাকিবলৈ আমি সঠিক সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী-

Doctor Advice: How to Keep You and Your Child Safe from Mosquitoes
দিনক দিনে বৃদ্ধি পাইছে মহৰ উপদ্ৰৱ: চিকিৎসকৰ পৰা জানি লওক পৰিত্ৰাণৰ উপায় (Etv Bharat)
author img

By ETV Bharat Health Team

Published : Nov 11, 2024, 11:29 AM IST

বৰ্তমান অসমত মহৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, এই সময়ত মহৰ সংখ্যা খুবেই বাঢ়ি যায় আৰু ডেংগু আৰু মেলেৰিয়াৰ আশংকা যথেষ্ট বৃদ্ধি পায় ৷ বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে যে সাধাৰণ বৃষ্টিপাত হ’লেও মহৰ উৎপাত বৃদ্ধি পায় ৷ সন্ধিয়া খিৰিকী-দৰ্জা বন্ধ নাৰাখিলে বা সাৱধানতা অৱলম্বন নকৰিলে আপুনি কোন সময়ত কি ৰোগত ভুগিব পাৰে তাৰো কোনো গাৰাণ্টি নাই ৷ বিশেষকৈ শিশু, সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো বিশেষ যতন লোৱাটোও খুবেই জৰুৰী কাৰণ তেওঁলোকে এই বিষয়ে ভালদৰে নাজানে আৰু নিজাববীয়াকৈ সঠিক যতন ল’ব নোৱাৰে ৷

ডেংগু, চিকুংগুনিয়া আৰু মেলেৰিয়া আদি কিছুমান বিপজ্জনক ৰোগ যিবোৰ মহৰ ফলত হয় এনে ৰোগৰ পৰা আপুনি নিজকে তথা আপোনাৰ সন্তানটিক কিদৰে সুৰক্ষিত ৰাখিব এই সন্দৰ্ভত শিশু চিকিৎসক ডাঃ আশা শ্বাহে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি শিশুসকলক মহৰ পৰা ৰক্ষা কৰিবলৈ কি কৰা উচিত তথা মহ দূৰ কৰিবলৈ কেনেধৰণৰ বস্তু ব্যৱহাৰ কৰিব লাগে আজি এই বিষয়ে বিতংভাৱে জানি লওক-

আঁঠুৱাৰ ব্য়ৱহাৰ

মহৰ পৰা বাচি থাকিবলৈ আঁঠুৱা ব্যৱহাৰ কৰি আৰু শিশুক সম্পূৰ্ণ হাতৰ ঢকা কাপোৰ পিন্ধাই ৰখাটো উচিত ৷ শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ৷

লেবেলটো পঢ়ক

চিকিৎসক আশাই অভিভাৱকসকলক পৰামৰ্শ দিয়ে যে যেতিয়াই আপুনি আপোনাৰ শিশুৰ বাবে মহ বিকৃতকাৰী বা ক্ৰীম ক্ৰয় কৰে তেতিয়াই আপুনি ইয়াৰ লেবেল ভালদৰে পঢ়া উচিত আৰু চোৱা উচিত যাতে ইয়াত ১০ৰ পৰা ৩০ শতাংশ DEET ভিত্তি হ’ব লাগে ৷ DEET হৈছে এনে এবিধ মহ বিকৃতকাৰী দ্ৰব্য বা কেমিকেল যিয়ে আপোনাৰ কোনো ক্ষতি নকৰাকৈ মহৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ৷ কেঁচুৱাৰ ক্ষেত্ৰত DEET ব্যৱহাৰ কৰাটো এৰাই চলা উচিত ৷

লেমন অইল

পিএমডি বেচ লেমন ইউকেলিপ্টাছ অইলো মহ দূৰ কৰাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ ৷ ৩ বছৰৰ উৰ্ধৰ শিশুৰ ক্ষেত্ৰতহে নেমু ইউকেলিপ্টাছ তেল ব্যৱহাৰ কৰিব লাগে ৷ মহ নোহোৱা কৰিবলৈ আপুনি প্ৰাকৃতিক আৱশ্যকীয় তেল যেনে চিট্ৰনেলা, লেভেণ্ডাৰ আৰু পদিনা ব্যৱহাৰ কৰিব পাৰে ৷ কিন্তু চিকিৎসকে কয় যে, শিশুৰ বাবে আৱশ্যকীয় তেলতকৈ DEET অধিক ফলপ্ৰসূ ৷

খিৰিকী আৰু দুৱাৰ বন্ধ কৰক

সাধাৰণতে সন্ধিয়া মহ ঘৰলৈ আহিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ সন্ধিয়াৰ আগতে ঘৰৰ খিৰিকী-দুৱাৰ বন্ধ কৰক ৷ পাৰ্ক বা বাগিচাৰ ওচৰত থকা কোঠাৰ পৰা আপোনাৰ সন্তানক আঁতৰাই ৰাখক কাৰণ এনে ঠাইৰ পৰাই মহ বেছিকৈ আহে ৷

পিএমডি বেচ লেমন ইউকেলিপ্টাছ অইল মহ বিকৃত কৰাতো অতি ফলপ্ৰসূ ৷ যদি আপুনি বাহিৰলৈ ওলোৱাৰ আগতে শিশুৰ শৰীৰত এইবোৰৰ কোনো এটা বস্তু লগাই আছে, তেন্তে ঘৰলৈ উভতি অহাৰ পিচত এই তেল লগোৱা ঠাইখিনি ভালদৰে চাবোনেৰে ধুই পেলাওক ৷

https://www.healthychildren.org/English/safety-prevention/at-play/Pages/Insect-Repellents.aspx

https://www.unicef.org/rosa/stories/dengue-how-keep-children-safe

লগতে পঢ়ক: ৰাজ্যত ডেংগুৰ জটিল ৰূপ; গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা...সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.