সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে চামগুৰিত সাংবাদিকৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Nov 10, 2024, 3:02 PM IST
চামগুৰি: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত থকা হিংসাত্মক ঘটনাৰ মাজতে এগৰাকী জ্যেষ্ঠ সাংবাদিক আক্ৰমণৰ বলি হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সংবাদ মহলত । শনিবাৰে নিশা চামগুৰি সমষ্টিৰ মৰি পুঠিখাইটিত সংঘটিত গুলীচালনাৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ একাংশ কৰ্মীৰ বিৰুদ্ধে । নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নিলোৎপল বৰাক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে নগাঁও তথা চামগুৰিৰ সাংবাদিকসকল ।
সাংবাদিকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দেওবাৰে চামগুৰি আৰক্ষী থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বহু সংবাদ কৰ্মীয়ে । নগাঁও ডিজিটেল এণ্ড ইলেকট্ৰনিক মিডিয়া এছ’চিয়েশ্যনৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । ইয়াৰ জৰিয়তে নগাঁও প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক নিলোৎপল বৰাক আক্ৰমণ কৰা ঘটনাত জড়িত দোষীক কৰায়ত্ব কৰি শাস্তি বিহাৰ লগতে সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে সংবাদকৰ্মীসকলে ।