ETV Bharat / sports

3 উইকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত ভাৰত, ভংগ ধাৰাবাহিক জয়ৰ ধাৰা - IND VS SA T20 SERIES

দ্বিতীয়খন টি-20 মেচত পৰাস্ত ভাৰত ৷ 5 উইকেট দখলৰে বৰুণ চক্ৰৱৰ্তীৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷

IND VS SA T20 SERIES
টীম ইণ্ডিয়া (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 11, 2024, 10:07 AM IST

স্প’ৰ্টছ ডেস্ক: গাকেবৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টি-20 ত ভাৰতৰ পৰাজয় ৷ অন্তিম অভাৰত দক্ষিণ আফ্ৰিকাই ভাৰতৰ হাতৰ পৰা মেচখন কাঢ়ি লয় আৰু শেষ হাঁহি মাৰে ৷

এই মেচখনত আয়োজক দল দক্ষিণ আফ্ৰিকাই 3 উইকেটত জয়লাভ কৰে ৷ যাৰ ফলত চাৰিখন টি-20 মেচৰ শৃংখলাটোত ঘৰুৱা দলটোৱে ভাৰতৰ সৈতে 1-1 ব্যৱধানত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷

আফ্ৰিকাৰ এই বিজয়ৰ নায়ক আছিল ট্ৰিষ্টান ষ্টবছ, যিয়ে কঠিন সময়তো অপৰাজিত 47 ৰাণ সংগ্ৰহ কৰি দলটো জিকাত সহায় কৰিছিল ।

দক্ষিণ আফ্ৰিকাই ভাৰতক 3 উইকেটত পৰাস্ত কৰে

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ 124 ৰাণ ৷ 125 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা দক্ষিণ আফ্ৰিকাই দলীয় 22 ৰাণত হেৰুৱাই প্ৰথমটো উইকেট ।

পৰৱৰ্তী সময়ত ভাৰতৰ তাৰকা স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে সুন্দৰ বলিং কৰে আৰু এটা সময়ত দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে 66/6 ৰাণ ৷ কিন্তু, ট্ৰিষ্টান ষ্টবছে দলক এই কঠিন পৰিস্থিতিৰ পৰা বাহিৰলৈ নিয়াত পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ ষ্টবছৰ বাবেই ঘৰুৱা দলটোৱে 19 অভাৰত 7 টা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে ৷

ভাৰতীয় বেটছমেনসকলে কৰিলে নিৰাশ

এই খেলখনত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামে টছত জয়ী হৈ সূৰ্যকুমাৰ যাদৱক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । ভাৰতৰ হৈ সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই ইনিংছ মুকলি কৰে ৷

টীম ইণ্ডিয়াই অতি দুৰ্বল আৰম্ভণি কৰে আৰু মাৰ্কো জনচেনৰ প্ৰথম অভাৰত সঞ্জু চেমছন শূন্যতে পেভিলিয়নলৈ ওভতে ৷ ইয়াৰ পিছত অভিষেক শৰ্মা 4 ৰাণৰ ব্যক্তিগত স্ক'ৰত গেৰাল্ড কোয়েটজীৰ চিকাৰ হয় ৷ অধিনায়ক সূৰ্যয়ো ৪ ৰাণ সংগ্ৰহ কৰি এণ্ডিল চিমলাইনৰ বলত এল বি ডব্লিউ আউট হৈছিল ।

ভাৰতীয় দলটোৱে 3.6 অভাৰত 15 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাইছিল 3 টাকৈ উইকেট । ইয়াৰ পিছত তিলক বাৰ্মাই 20 ৰাণ আৰু অক্ষৰ পেটেলে 27 ৰাণ সংগ্ৰহ কৰি দলটোৰ স্ক'ৰ কিছু বৃদ্ধি কৰে ৷ ৰিংকু সিঙে মাত্ৰ 9 ৰাণ সংগ্ৰহ কৰি নাকাবিওমাজি পিটাৰৰ বলত গেৰাল্ড কোয়েটজীৰ হাতত কেচ তুলি দি আউট হৈছিল ৷

আনহাতে, হাৰ্দিক পাণ্ডিয়াই ভাৰতৰ হৈ সৰ্বাধিক 45 টা বলত 4 টা চাৰি আৰু এটা ছয়ৰ সহায়ত অপৰাজিত 39 ৰাণ সংগ্ৰহ কৰে । অৰ্শদীপ সিঙেও অপৰাজিত 7 ৰাণ সংগ্ৰহ কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জনচেন, এণ্ডিল চিমলেন, গেৰাল্ড কোয়েটজি, এডেন মাৰ্ক্ৰাম আৰু নাকাবিওমাজি পিটাৰে এটাকৈ উইকেট দখল কৰে ।

বৰুণ চক্ৰৱৰ্তীৰ 5 টা উইকেট দখল

দক্ষিণ আফ্ৰিকাৰ হৈ ৰিয়ান ৰিকেল্টন আৰু ৰিজা হেণ্ড্ৰিক্সে ইনিংছ মুকলি কৰে ৷ দুয়োজনে প্ৰথম উইকেটৰ যুটিত মাত্ৰ 22 ৰাণ যোগ দিয়ে । তৃতীয় অভাৰৰ পঞ্চমটো বলত ৰিংকু সিঙৰ হাতত কেচ তুলি দি ৰিকলটন 13 ৰাণত আউট হয় ৷

ইয়াৰ পিছত ক্ৰিজলৈ অহা অধিনায়ক এডেন মাৰ্ক্ৰামেও ষষ্ঠ অভাৰৰ তৃতীয় বলত 3 ৰাণ সংগ্ৰহ কৰি বৰুণ চক্ৰৱৰ্তীৰ চিকাৰ হয় । ৰীজা হেণ্ড্ৰিক্সেও 24 ৰাণ সংগ্ৰহ কৰি বৰুণ চক্ৰৱৰ্তীৰ বলত আউট হয় ৷

আফ্ৰিকাৰ হৈ 5 নম্বৰত বেটিং কৰিবলৈ অহা মাৰ্কো জনচেনক বৰুণে ব্যক্তিগত 7 ৰাণত ক্ৰিজৰ পৰা বিদায় দিয়ে ৷ চক্ৰৱৰ্তীয়ে বিপদজনক বেটছমেন হেনৰিখ ক্লাছেনৰ ৰূপত লাভ কৰে চতুৰ্থটো উইকেট ৷

পৰৱৰ্তী সময়ত ভাৰতীয় বলাৰগৰাকীয়ে ডেভিদ মিলাৰক শূন্য ৰাণত আউট কৰি লাভ কৰে মেচখনৰ পঞ্চমটো উইকেট ৷ ইয়াৰ পিছত, ৰবি বিষ্ণৈয়ে এণ্ডিল চিমেলিনক ব্যক্তিগত 7 ৰাণত ব’ল্ড কৰে ৷ সেই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক'ৰ আছিল (86/7) ৷

বৰুণৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন

এই মেচখনত বৰুণ চক্ৰৱৰ্তীয়ে ভাৰতৰ হৈ 4 অভাৰত 4.25 ৰাণৰ ইক’ন’মিক ৰেটৰ সৈতে 17 ৰাণত দখল কৰে 5 টা উইকেট । এয়া তেওঁৰ টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন । বৰুণৰ উপৰিও অৰ্শদীপ সিং আৰু ৰবি বিষ্ণৈয়ে এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক: ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ৰাণ আউট হোৱা খেলুৱৈসকল... তালিকাৰ শীৰ্ষত ৰাহুল দ্ৰাবিড়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.