মুখ্যমন্ত্ৰী শুনিছেনে ? জালুকবাৰী সমষ্টিৰ পাহাৰসমূহত বনদস্যুৰ দপদপনি
🎬 Watch Now: Feature Video
গুৱাহাটী, 30 নৱেম্বৰ: যি সময়ত অসম চৰকাৰে গছপুলি ৰোপন কৰি বিশ্ব ৰেকৰ্ড গঢ়িছে, সেই সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে অবাধ বন ধ্বংসৰ প্ৰতিযোগিতা ৷ চৰকাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ বন মাফিয়াই কোনো শক্তিশালী লোকৰ ছত্ৰছায়াত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে গছ-গছনি কাটি তহিলং কৰিছে ৷
ইয়াৰ সমান্তৰালকে কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ গাতে লাগি থকা ছিলা ৰেঞ্জৰ অন্তৰ্গত ছিলা পাহাৰ , মান্দাকাটা পাহাৰ, মদন-কামদেৱ পাহাৰ, দীৰ্ঘেশ্বৰী পাহাৰ, নাটোৱানচা পাহাৰ আৰু হাজো ৰেঞ্জৰ অন্তৰ্গত মলং পাহাৰ, মেকুৰী পাহাৰত চলিছে বনদস্যুৰ তাণ্ডৱ । এক্সেভেটৰ, ডাম্পাৰৰ হাতোৰাই বিদীৰ্ণ কৰিছে সেউজীয়া পাহাৰৰ বক্ষ। অসাধু চক্ৰই বনবিভাগৰ সৈতে মিতিৰালি কৰি গঢ়ি তুলিছে ৰঙা মাটিৰ ৰমৰমীয়া ক’লা বেহা। দিনে নিশাই ডাম্পাৰেৰে সৰবৰাহ কৰা হৈছে পাহাৰৰ ৰঙা মাটি।
কিন্তু ইমানৰ পিচতো নিৰ্লিপ্ত কামৰূপ জিলা প্ৰশাসন, চকু মুদা কুলিৰ ভাও ধৰিছে বনবিভাগে। উত্থাপিত অভিযোগ অনুসৰি, অসাধু চক্ৰই এঠাইত মাটি কটাৰ অনুমতি লৈ আন ঠাইত নিৰ্বিঘ্নে চলাইছে পাহাৰ ধ্বংস যজ্ঞ। এতিয়া ইয়াৰ পিচতে বৃহত্তৰ অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে এই অবৈধ খনন কাৰ্যই ৷ অচিৰেই এই পাহাৰ খনন ৰোধ কৰাৰ দাবী তুলিছে সচেতন মহলে । অঞ্জন বৈশ্য আৰু মুকেশ দাস নামৰ দুগৰাকী ব্যক্তিয়ে কোনোধৰণৰ অনুমতি নোহোৱাকৈয়ে এই ধ্বংশ যজ্ঞৰ নেতৃত্ব লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক: আৰক্ষীৰ জালত পলাতক এ চি এছ বিষয়া ৰাকেশ দাস