Bhupen Hazarika death anniversary 2023: দেওবাৰে ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী, লখৰাত ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 9:19 PM IST

thumbnail

গুৱাহাটী, 4 নৱেম্বৰ : দেওবাৰে ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মহানগৰীৰ লখৰাতো জাগ্ৰত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ’ব ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ।

দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰে উদ্যোক্তাই ৷ তেওঁলোকে কয় যে, প্ৰতিবৰ্ষৰ দৰে বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ সহযোগত আয়োজন কৰা হ’ব ৰক্তদান শিবিৰ‌ আৰু চিত্ৰাংকন প্ৰতিযোগিতা ৷ তদুপৰিও 14 বছৰ বয়স অনুৰ্ধ্বৰ প্ৰায় শতাধিক কণ্ঠশিল্পীৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদানৰ লগতে দিয়া হ’ব নগদ ধনৰ পুৰস্কাৰ ।

উক্ত অনুষ্ঠানতেই জাগ্ৰত যুৱ সমাজে আৰ্থিকভাৱে পিচপৰি থকা ১৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াব 10 হাজাৰ টকাকৈ এককালীন বৃত্তি । শনিবাৰে এই কথা সংবাদমেল যোগে সদৰী কৰে জাগ্ৰত যুৱ সমাজ সমিতিৰ বিষয়ববীয়াই ।

লগতে পঢ়ক:Demand for Mission Bashundhara-3: খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বসুন্ধৰা-৩ প্ৰৱৰ্তনৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.