thumbnail

Dead body Recovered : বন্ধুৰ সৈতে গা ধুবলৈ গৈ ঘৰলৈ উভতিল অবিনাশৰ নিথৰ শৰীৰ

By

Published : Jul 17, 2023, 8:03 PM IST

ডিফু, 17 জুলাই: দেওবাৰে মাঞ্জাৰ সমীপৰ শিলনী বনভোজস্থলীত শিলনী নদীত বন্ধুৰ সৈতে গা ধুবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল ডিফুৰ ৰংখেলান এএছইবি কলনীৰ এজন যুৱক ৷ সোমবাৰে পুৱাৰ ভাগত মাঞ্জাৰ সমীপৰ লংনিটৰ শিলনী Eco-Tourism পাৰ্কত নিখোঁজ অবিনাশ ৰয়ৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ আজি পুৱাই পাৰ্কখনৰ দ্বায়িত্বত থকা বন বিভাগৰ লোকে প্ৰত্যক্ষ কৰে অবিনাশ ৰয় নামৰ যুৱকজনৰ মৃতদেহ ৷ শিলনী নদীৰ Danger Spotত ওপঙি থকা প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ ৷

লগে লগে বন বিভাগৰ লোকে মাঞ্জা থানা আৰক্ষীক খবৰ দিয়ে ৷ জানিব পৰা মতে 16 জুলাইত বন্ধুৰ সৈতে শিলনী Eco- Tourism পাৰ্কত গা ধুবলৈ গৈ নিখোঁজ হৈছিল যুৱকজন ৷ মৃত যুৱক অবিনাশৰ লগৰীয়াৰ ভাষ্য অনুসৰি গা ধুবলৈ গৈ অবিনাশ পিচল খাই পৰি গৈছিল শিলনী নদীৰ Danger Spotত ৷ অবিনাশৰ ঘৰ ডিফুৰ বিৰলা ASEB কলনীত ৷ ডিফুৰ এটা ব্যক্তিগত ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন ৷ যুৱকজনৰ মৃত্যুত ডিফু ৰংখেলান অঞ্চলত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: Bihpuria erosion news:খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন নৈপৰীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.