Oxygen cylinder to Majuli: গৌৰৱ গগৈৰ সংস্থাৰ অক্সিজেন চিলিণ্ডাৰ গ্ৰহণ নকৰিলে উপায়ুক্তই

By

Published : Oct 13, 2022, 11:03 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
মাজুলী জিলা উপায়ুক্তই গ্ৰহণ নকৰিলে সাংসদ গৌৰৱ গগৈৰ (MP Gaurav Gogoi) এন জি অ' (NGO) FARM2FOOD FOUNDATION-এ প্ৰদান কৰা অক্সিজেন চিলিণ্ডাৰ । মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই গ্ৰহণ নকৰিলে সাংসদ গৌৰৱ গগৈয়ে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰদান কৰা অক্সিজেন চিলিণ্ডাৰ (Majuli Garmur District Hospital) । গৌৰৱ গগৈৰ এন জি অ' FARM2FOOD FOUNDATION-ৰ তৰফৰ পৰা প্ৰদান কৰিছিল এই চিলিণ্ডাৰ । মাজুলী জিলাৰ উপায়ুক্তগৰাকীয়ে বিশেষ কাৰণ দৰ্শাই ১৭ তাৰিখৰ পাছতহে এই চিলিণ্ডাৰ গ্ৰহণ কৰিব বুলি জনায় এন জি অ'টোৰ বিষয়াক । আনহাতে, FARM2FOOD FOUNDATION-ৰ বিষয়ববীয়াই কয় যে উপায়ুক্তগৰাকীয়ে যি কাৰণতেই নহওক কিয় এইকেইদিন অক্সিজেন চিলিণ্ডাৰ গ্ৰহণ কৰিবলৈ অনুমতি দিয়া নাই মাজুলীৰ উপায়ুক্তই (Oxygen cylinder donation to Majuli DC) । গতিকে এইকেইটা দিন মাজুলীতে থাকি ১৭ তাৰিখে নিজে উপায়ুক্তগৰাকীক চিলিণ্ডাৰ মাজুলীৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰি যাব এন জি অ'টোৰ বিষয়ববীয়াই কয় ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.