Flood in Assam: বৰপেটাত বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন উপায়ুক্ত আয়ুষ গৰ্গেৰ

By

Published : Jun 25, 2023, 12:49 PM IST

thumbnail

বৰপেটা, ২৫ জুনঃ বৰপেটা জিলাত বানত ১১২ খন গাঁও প্লাৱিত হৈছে ৷ জিলাখনৰ প্ৰায় লক্ষাধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ বানাক্ৰান্তৰ মাজত প্ৰয়োজনীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনে শেহতীয়াভাৱে তৎপৰ হৈ পৰিছে ৷ শনিবাৰে নিশা বৰপেটাৰ জিলা উপায়ুক্ত আয়ুষ গৰ্গে বানাক্ৰান্ত লোকে আশ্ৰয় লোৱা কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷

উপায়ুক্তগৰাকীয়ে শিবিৰসমূহত সাহায্য সামগ্ৰী বিতৰণৰ তদাৰক কৰি  জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ৷ উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে, জিলাখনত চৰকাৰীভাৱে ৪টা শিবিৰ স্থাপনৰ লগতে আন ২২ টা শিবিৰত বানাক্ৰান্তই আশ্ৰয় লৈ আছে ৷ ইতিমধ্যে শিবিৰ সমূহত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে আৰু বন্যাৰ্তক উদ্ধাৰ, চিকিৎসা, খোৱাপানী আদিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ কয় ৷  

শেহতীয়াভাৱে জিলাখনৰ উত্তৰ অঞ্চলত পানী কমিবলৈ লৈছে যদিও বৰপেটা চহৰৰ বিভিন্ন অঞ্চলৰ লগতে জিলাখনৰ দক্ষিণ অংশত পানী বাঢ়িবলৈ লোৱাৰ ফলত ন ন অঞ্চল বানত ডুব গৈছে ৷ বানাক্ৰান্ত সকলৰ সহায়ৰ বাবে জিলা প্ৰশাসন ২৪ ঘন্টাই তৎপৰ হৈ থকা বুলিও মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক:Allegations of corruption at Govt school : শিক্ষাৰ্থীৰ বাবে অহা চৰকাৰী চাউলেৰে খক পূৰণ কৰাৰ অভিযোগ শিক্ষক লালমামুদৰ বিৰুদ্ধে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.