thumbnail

By

Published : Jul 21, 2023, 4:12 PM IST

ETV Bharat / Videos

Darrang district Mahila Congress: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধিতা মহিলা কংগ্ৰেছৰ

মঙলদৈ, 21 জুলাই : মঙলদৈত মহিলাৰ প্ৰতিবাদ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদ ।  মণিপুৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দৰং জিলা মহিলা কংগ্ৰেছৰ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দৰং জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোদী চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

এনেহেন সংবেদনশীল বিষয় এটা গাপ দিয়াৰ বাবে মণিপুৰৰ ৰাজ্য চৰকাৰ তথা প্ৰশাসনক প্ৰশ্নবাণেৰে থকা-সৰকা কৰে দৰং জিলা মহিলা কংগ্ৰেছৰ সদস্যাই ৷ মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী তোলে দৰং জিলা মহিলা কংগ্ৰেছে । মঙলদৈৰ নিকটৱৰ্তী সৰকাৰ চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰে দৰং জিলাৰ মহিলা কংগ্ৰেছৰ শ শ মহিলাই । ভাৰত চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, প্ৰধান মন্ত্ৰীৰ কাম নাই আদি শ্ল’গানেৰে ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : NSUI Protest in Nagaon:মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ NSUI ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.