Poor transportation in Misamari:মিছামাৰীত টুলুঙা নাৱেৰে বিপদ সংকুল যাতায়ত - Poor communication in Sonitpur
🎬 Watch Now: Feature Video
Published : Aug 29, 2023, 3:32 PM IST
ৰঙাপৰা, ২৯ আগষ্ট: চৰকাৰৰ উন্নয়নৰ শ্লোগানে স্পৰ্শ কৰা নাই ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ মিছামাৰী আঞ্চলক । আজিও এই অঞ্চলটোৰ ৰাইজে এখন বাঁহৰ দলঙৰেই যাতায়াত অব্য়াহত ৰাখিছে । অঞ্চলটোৰ ৰাইজে বছৰ পিছত বছৰ ধৰি বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে ।
মিছামাৰীৰ এৰাবাৰী-লোহাদাং সংযোগী পথচোৱাত এটা পকী কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ ফলত এখন বাঁহৰ সাঁকোৰে দুৰ্ভোগ ভুগি অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে । ইফালে,বাঁহৰ সাঁকোখনৰ ওপৰেদি ছাত্র-ছাত্ৰীসকলে বিদ্যালয়লৈ মৰণত শৰণ দি অহা-যোৱা কৰি আহিছে । ৰাইজে কৰা অভিযোগ অনুসৰি উক্ত পথচোৱাত থকা নলাটোৰ ওপৰত বাঁহবেৰা গাঁও পঞ্চায়তখনে এটা পকী কালভাৰ্ট নিৰ্মাণ কৰি দিবলৈ আঁহৰি নাপালে । ফলত বৃহত্তৰ অঞ্চলটোৰ পুৰুষসকলে বাঁহৰ সাঁকোৰে আৰু মহিলা-কিশোৰীসকলে টুলুঙা নাৱত উঠি অহা-যোৱা কৰি আহিছে ।
মিছামাৰীৰ এৰাবাৰী-লোহাদাং গাঁৱৰ ৰাইজে যাতায়তৰ নামত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ । অঞ্চলটোৰ ৰাইজে জ্বলন্ত সমস্যাটোৰ পৰা কেতিয়া পাব পৰিত্ৰাণ সেয়া সময়ত হ'ব লক্ষণীয় । উন্নয়নৰ শ্লোগান দি শূন্যতে গদা ঘুৰাই থকা চৰকাখনক এখন দলং নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।