Durga Puja 2023 : নৱমীৰ উলাহ, যোৰহাটত দাণ্ডিয়া নৃত্যই আকৰ্ষণ কৰিছে ৰাইজক - পূজা মণ্ডপ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:10 PM IST

যোৰহাট, 23 অক্টোবৰ : ৰাজ্যজুৰি মহা নৱমীৰ উলাহ ৷ যোৰহাটতো বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে ৷ চৌদিশে কেৱল মাথো জনসমুদ্ৰ ৷ ঢাক-ঢোলৰ শব্দ আৰু মন্ত্ৰেচাৰণেৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ সকলো পূজা মণ্ডপ সমূহ ৷

ইফালে যোৰহাটৰ ঐতিহ্যমণ্ডিত ৰজামৈদামত শাৰদীয় দুৰ্গা পূজাৰ মহা নৱমী উপলক্ষে দাণ্ডিয়া নৃত্য প্ৰদৰ্শিন কৰা হয় ৷ যোৰহাট নগৰত বাসকৰা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে প্ৰদৰ্শন কৰা এই বিশেষ নৃত্যই‌ এক আকৰ্ষণ কৰে উপস্থিত ৰাইজক ৷

আনহাতে আজি মহা নৱমীৰ দিনা সকলোৱে দুগুণ উৎসাহেৰে পূজা উপভোগ কৰিবলৈ অহা পৰিলক্ষিত হৈছে ৷ লগতে পূজা দিনকেইটাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ৷ 

লগতে পঢ়ক : Nalbari Durga Puja : নৱমীৰ দিনা নলবাৰীৰ আদাট্টাৰী দুৰ্গা মন্দিৰত কুমাৰী পূজা পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.