Crime in Barpeta:হাউলীত পিষ্টলসহ গ্ৰেপ্তাৰ দুই দুধৰ্ষ ডকাইত - হাউলীত পিষ্টলসহ গ্ৰেপ্তাৰ দুই দুধৰ্ষ ডকাইত
🎬 Watch Now: Feature Video
Published : Oct 18, 2023, 4:33 PM IST
বৰপেটা, ১৮ অক্টোবৰঃ বৰপেটা জিলাৰ হাউলীত 9 mm পিষ্টলসহ দুটা দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ । হাউলী থানাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় এই দুধৰ্ষ ডকাইত দুটা । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ডকাইত দুটা হৈছে চুলতান মামুদ আৰু ছায়েদ আলী ।
উল্লেখ্য় যে জিলাখনৰ হাউলীৰ আৰক্ষী থানাৰ অন্তৰ্গত দেউৰীপাৰাস্থিত বাসস্থানৰ পৰা চুলতান মামুদক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, বৰপেটা ৰোড থানা এলেকাৰ ভালুকীস্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ হয় ছায়েদ আলীক । এই অভিযানত আৰক্ষীয়ে দুয়োটা ডকাইতৰ জিম্মাৰ পৰা এটা 9 mm পিষ্টল, ৯ জাঁই সক্ৰিয় গুলীৰ লগতে এখন খুকৰি আৰু এখন কুঠাৰ জব্দ কৰিছে আৰক্ষীয়ে । ধৃত চুলতান আৰু ছায়েদ পূৰ্বতেও বিভিন্ন ডকাইতি-চুৰিৰ গোচৰত অভিযুক্ত ।
লগতে পঢ়ক:Durga Puja 2023 in Jorhat: ২২৯ সংখ্যক পূজাৰ বাবে সাজু যোৰহাটৰ শ্ৰীশ্ৰী বুঢ়ী গোঁসানী দেৱালয়