Docaity case in Nalbari: ৰাজপথত ডকাইতি; ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটিলে 10 হাজাৰ টকা - বেলশৰ আৰক্ষী থানা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 2, 2023, 9:29 PM IST

নলবাৰী, ২ মে’ : নলবাৰীৰ পানীগাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা সংঘটিত হৈছে (Docaity case in Nalbari) ৷ ৰাজপথত লুটপাত চলাই ধন লুটৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এগৰাকী লোকক । নলবাৰীৰ পানীগাঁৱত মঙলবাৰে পুৱা আনোৱাৰ হুছেইন নামৰ এগৰাকী লোকক ছুৰীৰে আক্ৰমণ কৰি লোকজনৰ পৰা নগদ ধন লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ফৰিদ আলীৰ বিৰুদ্ধে (Man attacked with sharp weapon) ।

ঘটনাৰ বিৱৰণী অনুসৰি পুৱা আনোৱাৰ হুছেইন নামৰ লোকজনে প্ৰায় ১০ মান বজাত কাৰ্যালয়লৈ গৈ থকাৰ সময়ত পথতে ৰৈ থকা ফৰিদ আলী নামৰ যুৱকজনে তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ কৰে (looted money from a man in Nalbari) । ফৰিদে আনোৱাৰৰ কঁপালত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে বুকুত আঘাত কৰে ৷  

প্ৰায় চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলৰ সহযোগত ফৰিদ আলীয়ে আনোৱাৰ হুছেইনক বাটত আগচি ধৰি এই  আক্ৰমণ কৰাৰ অভিযোগ কৰে । আনহাতে ফৰিদে আনোৱাৰ হুছেইনেৰ পৰা দহ হাজাৰ টকা কাঢ়ি লৈ গৈছে ৷ ইফালে ইয়াৰ পূৰ্বে ফৰিদে লোকজনৰ ভূমিতো বলপূৰ্বকভাৱে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ 

ইতিমধ্যে ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত বেলশৰ আৰক্ষী থানাত ফৰিদ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । বৰ্তমান আনোৱাৰ হুছেইনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । সম্প্ৰতি উক্ত অঞ্চলটোত ফৰিদ আলীৰ সন্ত্ৰাসত এতিয়া ত্ৰস্তমান হৈছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: 7 Bangladeshi detained: ত্ৰিপুৰাত পুনৰ 7 বাংলাদেশী নাগৰিক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.