কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে চাইক্লিং প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:32 PM IST

thumbnail

ডিফু, ১০ জানুৱাৰী: কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে চাইক্লিং প্ৰতিযোগিতা কে ৱাইএফ এক্স চিঅ' আজি তাৰালাংচত অনুষ্ঠিত কৰে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগে কাৰ্বি সাংস্কৃতিক সমাজৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰে ।  প্ৰতিযোগিতাখনিত ৩৮ গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনৰ ফ্লেগ অফ কৰে পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে ৷  

আয়োজক জিলাৰ সমান্তৰালকৈ মণিপুৰ, অৰুণাচল প্ৰদেশ, কৰ্ণাটক, মেঘালয়, ছিকিম, নাগালেণ্ড, উত্তৰাখণ্ড আৰু নেপালৰ পৰা অংশগ্ৰহণকাৰীয়ে অংশ গ্ৰহণ কৰে  ৷ ই এম ৰিতেশ ইংহিয়ে এই প্ৰসংগত কয় যে এই চাইকেল প্ৰতিযোগিতাখন কে ৱাই এফ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা হয় । চাইক্লিং প্ৰতিযোগিতাক প্ৰসাৰিত কৰিবলৈ বছৰি আয়োজন কৰা হ'ব বুলি ইংহিয়ে কয় ।  

পুৰুষৰ জ্যেষ্ঠ শাখাত মণিপুৰৰ ৰ'নেলে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে মেঘালয়ৰ কেভিন জন দ্বিতীয় স্থান লাভ কৰে ৷ অৰুণাচল প্ৰদেশৰ টুজুম ডেৰেতেও স্থান দখল কৰে ।

লগতে পঢ়ক:ৰাষ্ট্ৰপতি আহিব কাৰ্বি পাহাৰলৈ: কাৰ্বি যুৱ মহোৎসৱত হ’ব অতিথি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.